ভাৰতত কংগ্ৰেছৰ ১৫০ দিনীয়া কাৰ্যসূচীৰে ‘ভাৰত জোড়ো যাত্ৰা’ চলি আছে। এই পদযাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৱে প্ৰতিদিনে কেইবা কিলোমিটাৰ খোজকাঢ়িছে। বিগত ৭ ছেপ্তেম্বৰ তাৰিখে কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে য’ত বিভিন্ন সমৰ্থকে আহি যোগ দিছে। ইয়াৰোপৰি বহু বিখ্যাত অভিনেতাকো এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়া পৰিলক্ষিত হৈছে। কিন্তু এগৰাকী বৃদ্ধা মহিলাৰ উপস্থিতিয়ে এক বিশেষ চৰ্চা লাভ কৰিছে। কাৰণ সেই বৃদ্ধাগৰাকী ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে, স্বাধীনতাৰ পূৰ্বে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা ৯৩ বছৰীয়া লীলাবাই চিতালে বৃহস্পতিবাৰ অৰ্থাৎ ১৭ নৱেম্বৰত কিছু সময়ৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ত যোগদান কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই বিষয়ে মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ বালাপুৰ তহচিলৰ ভাদেগাঁৱত পদযাত্ৰাত যোগদান কৰা চিতালৰ এটা ভিডিঅ’ বাৰ্তা টুইটযোগে শ্বেয়াৰ কৰিছে। লীলাবাই চিতালে এই যাত্ৰা সংবিধান ৰক্ষাৰ ওপৰত কেন্দ্ৰীত হোৱাটো বিচাৰে বুলি ৰমেশে টুইটটোত লিখে। ভিডিঅ’টোত লীলাবাই চিতালে কয় যে, ‘‘মহাত্মা গান্ধীয়ে 'কৰক বা মৰক' শ্লোগান দিছিল, মই আৰু মোৰ দুজন বন্ধুক এখন মহাবিদ্যালয়ৰ ওচৰত শ্ল'গান দি থকা (ব্ৰিটিছৰ বিৰুদ্ধে) অৱস্থাত ধৰিছিল।" লগতে তেওঁ কয় যে, "আমাৰ মাত্ৰ ১২ বছৰ বয়স আছিল, সেয়েহে আমাক একেদিনাই সন্ধিয়া আৰক্ষীয়ে মুকলি কৰি দিছিল। কিন্তু মোৰ দেউতা আৰু চাৰে তিনি বছৰীয়া ভাতৃয়ে এই যাত্ৰাত অংশ লৈ কাৰাগাৰত যাব লগা আছিল।"
তেওঁ কয়, ‘‘সমাজ আৰু ধৰ্মৰ সকলো শ্ৰেণীৰ মানুহে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল।’’ এই যাত্ৰাৰ মুখ্য উদ্দেশ্য হৈছে ‘ভয়, গোঁড়ামি আৰু কুসংস্কাৰ’ৰ ৰাজনীতি আৰু জীৱিকা ধ্বংসৰ অৰ্থনীতি, বৰ্ধিত নিবনুৱা আৰু বৰ্ধিত অসমতাৰ বিৰুদ্ধে যুঁজ দিয়া।