• Home
  • »
  • News
  • »
  • nation
  • »
  • দিন মজদুৰৰ পৰা মডেললৈ... ৬০ বছৰত মডেল ৰূপে খ্যাতি অৰ্জন এগৰাকী দিনহাজিৰা কৰা শ্ৰমিকৰ, আঁৰত নাটকীয় কাহিনী

দিন মজদুৰৰ পৰা মডেললৈ... ৬০ বছৰত মডেল ৰূপে খ্যাতি অৰ্জন এগৰাকী দিনহাজিৰা কৰা শ্ৰমিকৰ, আঁৰত নাটকীয় কাহিনী

Labourer From Kerala Turns Model : মাম্মিকাৰ এতিয়া এটা ইনষ্টাগ্ৰাম পেজো আছে, য'ত তেওঁ মেকঅ'ভাৰত ফটো শ্বেয়াৰ কৰে।

Labourer From Kerala Turns Model : মাম্মিকাৰ এতিয়া এটা ইনষ্টাগ্ৰাম পেজো আছে, য'ত তেওঁ মেকঅ'ভাৰত ফটো শ্বেয়াৰ কৰে।

Labourer From Kerala Turns Model : মাম্মিকাৰ এতিয়া এটা ইনষ্টাগ্ৰাম পেজো আছে, য'ত তেওঁ মেকঅ'ভাৰত ফটো শ্বেয়াৰ কৰে।

  • Share this:
ক'ত কেনেদৰে লুকাই থাকে প্ৰতিভা, তাক কোনেও নাজানে। কিন্তু উপযুক্ত পৰিৱেশে এনে প্ৰতিভাৰ বিকাশ কৰিব পাৰে। কেৰালাৰ কোজিকোডৰ (Kozhikode) বাসিন্দা ৬০ বছৰীয়া মাম্মিকা নামৰ এগৰাকী ব্যক্তিৰ জীৱনত ঘটা দেখা গৈছে এনে প্ৰতিভাৰ জলক। দৈনিক উপাৰ্জন কৰিবলৈ, দৈনিক খাবলৈ যিবোৰ মানুহে দৈনিক মজুৰি কৰে, মাম্মিকায়ো সেয়াই কৰে। তেওঁ দিন মজদুৰ। সদায় পুৰণি লুঙী আৰু ছাৰ্ট পিন্ধি কাম বিচাৰি ফুৰা মাম্মিকা সকলোৰে পৰিচিত। কিন্তু এদিন তেওঁৰ জীৱনলৈ আহিল এটা প্ৰস্তাৱ, যি সলাই পেলায় তেওঁৰ ভাগ্য।

লুঙী-ছাৰ্ট পৰিধান কৰা ওখোৰা-মোখৰা দাড়িৰ মাম্মিকাই এদিন পৰিধান কৰিলে ছ্যুট-বুট, চকুত ব্ৰেণ্ডেড চশমা। পৰিপাটিকৈ বনাই লোৱা দাড়িৰ মাম্মিকালৈ চাই কোনেও ক'ব নোৱাৰিলে যে এই মানুহজন দৈনিক মজুৰি কৰা শ্ৰমিক (Labourer From Kerala Turns Model)।

কেনেদৰে পট পৰিৱৰ্তন হ'ল মাম্মিকাৰ?

দৰাচলতে, কোজিকোডস্থিত ফটোগ্ৰাফাৰ শ্বৰীক ভায়ালিল (Shareek Vayalil)ৰ চকু মাম্মিকাৰ ওপৰত পৰিছিল। তেওঁ মাম্মিকাৰ মাজত বিচাৰি পাইছিল দক্ষিণৰ অভিনেতা বিনায়কনক (Actor Vinayakan)। গতিকে তেওঁ মাম্মিকাৰ ফটোশ্বুট কৰাৰ সিদ্ধান্ত লৈছিল। সেইমতে মাম্মিকাৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত, যিবোৰ ভাইৰেল হৈ পৰিছিল।

ভায়ালিলে কৈছিল যে যেতিয়া তেওঁ এখন স্থানীয় ফাৰ্মৰ বাবে এটা এছাইনমেণ্ট পাইছিল, তেতিয়া কেৱল মাম্বিকাৰ কথাই মনলৈ আহিছিল। তেওঁৰ ছুপাৰ গ্লেম মেকঅ'ভাৰ কৰা হৈছিল দৃশ্যগ্ৰহণৰ বাবে। শিল্পী মাজনুছে মাম্মিকাৰ মেকঅ'ভাৰ কৰিছিল। এইদৰে দিন মজদুৰ মাম্মিকা হৈ পৰিছিল এগৰাকী ছুপাৰ মডেল।




মাম্মিকাৰ এতিয়া এটা ইনষ্টাগ্ৰাম পেজো আছে, য'ত তেওঁ মেকঅ'ভাৰত ফটো শ্বেয়াৰ কৰে। এতিয়া তেওঁ হৈ পৰিছে কোজিকোডৰ নায়ক। নিজৰ এই সফলতাত মাম্মিকা (Mammikka) অতি সুখী। তেওঁ কয় যে যদি তেওঁৰ ওচৰত মডেলিঙৰ প্ৰস্তাৱ আহে, তেন্তে তেওঁ নিশ্চিতভাৱে তেওঁৰ বৰ্তমানৰ কামৰ সৈতে এই কামতো অংশ ল'ব।
Published by:Gautam Barman
First published: