Covidiots! মোদীয়ে জ্বলাবলৈ দিছিল চাকি, অত্যুৎসাহী একাংশৰ কৰ্ম কাণ্ডত জ্বলি চাৰখাৰ হ’ল এটা বাসগৃহ

News18 Assam | News18-Assam
Updated:April 6, 2020, 1:19 PM IST
Covidiots! মোদীয়ে জ্বলাবলৈ দিছিল চাকি, অত্যুৎসাহী একাংশৰ কৰ্ম কাণ্ডত জ্বলি চাৰখাৰ হ’ল এটা বাসগৃহ
দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ঘৰৰ লাইট নুমুৱাই চাকি বন্তি জ্বলাবলৈ আহ্বান জনাইছিল

দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ঘৰৰ লাইট নুমুৱাই চাকি বন্তি জ্বলাবলৈ আহ্বান জনাইছিল

  • Share this:
দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ঘৰৰ লাইট নুমুৱাই চাকি বন্তি জ্বলাবলৈ আহ্বান জনাইছিল। দেশবাসীয়েও সঁহাৰি জনাইছিল প্ৰধানমন্ত্ৰীৰ আহ্বানক। কোৰোণাৰ বিৰুদ্ধে দেশত চলি থকা যুদ্ধ খন আৰু অধিক শক্তিশালী কৰি তুলি আন্ধাৰ আঁতৰাই পোহৰ অনাৰ বাবে জ্বলোৱা হৈছিল চাকি, বন্তি, ম’ম। প্ৰধানমন্ত্ৰীয়েও বাৰে বাৰে দেশবাসীক ঘৰত থাকিয়েই এই কাম কৰিবলৈ আহ্বান জনাইছিল।

ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু ‘জনতা কাৰ্ফিউ’ৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ ‘9Minutes9PM’ৰ উদ্দেশ্যকো যেন বিফল কৰি তুলিলে একাংশই। ঠায়ে ঠায়ে চাকি বন্তি জ্বলাই ৰাজপথত সমদল কৰিলে এচাম অত্যুৎসাহীয়ে গ’ কোৰোণা গ’ শ্লোগান দিয়া দেখা গ’ল। আনকি একাংশই আৱতৰীয়া দীপাৱলীৰ আয়োজন কৰি বোম, ফটকা ফুটাই কৰিলে আনন্দ উল্লাস। এচাম উদণ্ড লোকৰ এনে কাণ্ডৰ ফলতেই জয়পুৰত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।



এচাম মানুহৰ এনে কাণ্ডজ্ঞানহীন কামৰ বাবেই জয়পুৰৰ বৈশালী নগৰৰ এটা বাসগৃহ দাউ দাউ কৈ জ্বলি উঠিল। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে কোনো মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সৌভাগ্যবশতঃ ঘৰটোত নাছিল কোনো লোক।


Published by: Himangshu Bhuyan
First published: April 6, 2020, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি