বন বিভাগৰ কাৰ্যালয়ত ৯০টাকৈ বিস্ফোৰণ, কঁপি উঠিল সমগ্ৰ এলেকা

একেলগে ৯০টা বোমা বিস্ফোৰণৰ ফলত কেইবা কিলোমিটাৰ দূৰলৈ শুনা গৈছিল শব্দ।

news18assam
Updated:June 6, 2019, 11:17 AM IST
বন বিভাগৰ কাৰ্যালয়ত ৯০টাকৈ বিস্ফোৰণ, কঁপি উঠিল সমগ্ৰ এলেকা
একেলগে ৯০টা বোমা বিস্ফোৰণৰ ফলত কেইবা কিলোমিটাৰ দূৰলৈ শুনা গৈছিল শব্দ।
news18assam
Updated: June 6, 2019, 11:17 AM IST
পুনেৰ প’ণ্ড অঞ্চলত এটা দুটা নহয়, একেলগে সংঘটিত হ’ল ৯০টাকৈ বিস্ফোৰণ। বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চল। এই বিস্ফোৰণৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে সতৰ্কবাণী। অনুসন্ধানত পোহৰলৈ আহিছে যে বন বিভাগৰ কাৰ্যালয়টোত কিছুদিন পূৰ্বে হাবিত উদ্ধাৰ হোৱা ৯০টা দেশীয় বোমা ৰখা হৈছিল। একেলগে ৯০টা বোমা বিস্ফোৰণৰ ফলত কেইবা কিলোমিটাৰ দূৰলৈ শুনা গৈছিল শব্দ। বিস্ফোৰণৰ সময়ত কাৰ্যালয়টোত কোনো লোক নাছিল। কাৰ্যালয়টোৰ বৃহৎ ক্ষতিসাধন হয় এই বিস্ফোৰণত।

জানিব পৰা মতে, হাবিত বন্যজন্তু হত্যাৰ বাবে চোৰাং চিকাৰীয়ে তমলহানী বন্যপ্ৰাণী অভয়াৰণ্যত বোমা লুকুৱাই ৰাখিছিল। কিছুদিন পূৰ্বে বন বিভাগৰ দলে এই তথ্য লাভ কৰি অভিযান চলাইছিল। অভিযানত উদ্ধাৰ হৈছিল ৯০টা দেশত নিৰ্মিত বোমা। এই বোমাকেইটা বন বিভাগে ৰাখিছিল কাৰ্যালয়টোত। অত্যধিক গৰমৰ ফলতে বোমাকেইটা বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে। পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি