এক জঘন্য অপৰাধৰ বলি হ’ল দিল্লীৰ এগৰাকী কণমানি। ঘৰৰ বিপৰীত দিশে থকা শ্মশানৰ কুলাৰৰ পৰা ঠাণ্ডা পানী আনিবলৈ কৈছিল কণমানিজনী। সেই সময়তে দলবদ্ধ ধৰ্ষণ (Gang rape) কৰি হত্যা (Murder) কৰা হয় ৯ বছৰীয়া নাবালিকাগৰাকীক। শ্মশানৰ এজন পুৰোহিত আৰু তেওঁৰ তিনিসহযোগীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।
দিল্লীৰ নাংগেলী গাঁৱৰ বাসিন্দা শিশুটিৰ পৰিয়ালে জনাইছে, দেওবাৰে বিয়লি চাৰে পাঁচটা বজাত মাতৃক কৈ শ্মশানৰ কুলাৰৰ পৰা ঠাণ্ডা পানী আনিবলৈ গৈছিল নাবালিকাগৰাকী। কিছু সময় পিছত সন্ধিয়া ৬ বজাত শ্মশানৰ পুৰোহিত ৰাধেশ্যাম আৰু দুই–তিনিজনে শিশুটিৰ মাতৃক জনায় যে কুলাৰৰ পৰা পানী ভৰোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে কন্যাৰ। লগতে আৰক্ষীক খবৰ দিয়াৰ প্ৰয়োজন নাই বুলিও কয়। তেওঁলোকক বুজোৱা হৈছিল যে আৰক্ষী আহিলে মৰণোত্তৰ পৰীক্ষা কৰোৱা হ’ব আৰু কন্যাৰ শৰীৰৰ সমস্ত অংগ কাটি নিব। সেয়ে কাকো নজনোৱাকৈ মৃতদেহটো দাহ কৰাই ভাল। ইয়াৰ পিছত পৰিয়ালৰ অনুমতি অবিহনেই জ্বলাই দিয়া হয় মৃতদেহটো।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে শ্মশানত উপস্থিত হয় ২ শতাধিক গাঁওবাসী। তেওঁলোকৰ মাজৰে কোনোৱে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ বিশাল বাহিনী উপস্থিত হয়। পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় পুৰোহিত ৰাধেশ্যামসহ কুলদীপ, লক্ষ্মী নাৰায়ণ আৰু ছেলিম নামৰ চাৰিজনক। ধৃত আটাইৰে বিৰুদ্ধে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।