হিমাচল প্ৰদেশৰ কিন্নৌৰ (কিন্নৌৰ) জিলাৰ বাটচেৰীত পাহাৰৰ পৰা হঠাতে বাগৰি অহা বহকেইটা শিলে প্ৰাণ ল'লে ৯গৰাকী লোকৰ। ভূমিলস্খলনৰ ফলত বাগৰি অহা প্ৰকাণ্ড শিলৰ কোবত পথেৰে গৈ থকা আৰু ৰৈ থকা কেইবাখনো বাহনো ক্ষতিগ্ৰস্ত হৈছে। পাহাৰৰ পৰা বাগৰি অহা শিলে এখন পৰ্যটকভৰ্তি ৰে'লত খুন্দা মৰাত ৯গৰাকী লোকৰ মৃত্যু হয়। আহত হয় তিনিগৰাকী লোক।
খবৰ অনুসৰি, ৰেলখনত পৰ্যটকসকল ছিটকুলৰ পৰা চাংলালৈ আহি আছিল আৰু বাটচেৰীৰ গুনছাৰ ওচৰত এই দুৰ্ঘটনাৰ সন্মুখীন হয়। ৰে'লখনত থকা পৰ্যটকসকল দিল্লী আৰু চণ্ডীগড়ৰ পৰা হিমাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ আহিছিল। আনহাতে ভূমিস্খলনৰ ফলত বাস্পা নদীৰ ওপৰত থকা এখন দলঙো ভাঙি পৰিছে, ফলত গাঁওখনৰ যাতায়াত বিচ্ছিন্ন হৈ পৰিছে।
#WATCH | Himachal Pradesh: Boulders roll downhill due to landslide in Kinnaur district resulting in bridge collapse; vehicles damaged pic.twitter.com/AfBvRgSxn0
— ANI (@ANI) July 25, 2021
দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। কংগ্ৰেছ বিধায়ক জগত সিং নেগীয়ে জনোৱা মতে, পাহাৰৰ পৰা নিৰন্তৰ শিল পৰি থকাত উদ্ধাৰ অভিযানত অসুবিধা হয়। তেওঁ আহতসকলক চিকিৎসালয়লৈ উঠাই নিয়াৰ বাবে চৰকাৰৰ পৰা এখন হেলিকপ্টাৰ বিচাৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম সিং ঠাকুৰেও এই শোকাৱহ ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি ঘটনাটোত দুখ প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|