• Home
  • »
  • News
  • »
  • nation
  • »
  • মুছলমানৰ কবৰৰ ওপৰত কেনেকৈ নিৰ্মাণ হ’ব ৰাম মন্দিৰ – ৰাম মন্দিৰ ট্ৰাষ্টলৈ পত্ৰ অযোধ্যাৰ লোকৰ

মুছলমানৰ কবৰৰ ওপৰত কেনেকৈ নিৰ্মাণ হ’ব ৰাম মন্দিৰ – ৰাম মন্দিৰ ট্ৰাষ্টলৈ পত্ৰ অযোধ্যাৰ লোকৰ

কোৱা হৈছে যে চৰকাৰে ৬৭ একৰ ভূমি ৰাম মন্দিৰৰ বাবে ব্যৱহাৰ কৰাটো মুছলমানৰ দাবীক সম্পূৰ্ণৰূপে কাঢ়ি লোৱা আৰু আইনবিৰুদ্ধ।

কোৱা হৈছে যে চৰকাৰে ৬৭ একৰ ভূমি ৰাম মন্দিৰৰ বাবে ব্যৱহাৰ কৰাটো মুছলমানৰ দাবীক সম্পূৰ্ণৰূপে কাঢ়ি লোৱা আৰু আইনবিৰুদ্ধ।

কোৱা হৈছে যে চৰকাৰে ৬৭ একৰ ভূমি ৰাম মন্দিৰৰ বাবে ব্যৱহাৰ কৰাটো মুছলমানৰ দাবীক সম্পূৰ্ণৰূপে কাঢ়ি লোৱা আৰু আইনবিৰুদ্ধ।

  • Share this:
উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰস্তাৱিত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে গঠন কৰা ট্ৰাষ্ট ‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ’লৈ পত্ৰ লিখিছে ৯জনকৈ মুছলমান সম্প্ৰদায়ৰ লোকে। পত্ৰত মুছলমানৰ কবৰৰ ওপৰত ৰাম মন্দিৰ নিৰ্মাণ নকৰিবলৈ আহ্বান জনোৱা হৈছে। পত্ৰত কোৱা হৈছে যে ‘বাবৰি মছজিদৰ আশে–পাশে ১৪৮০ বৰ্গমিটাৰ এলেকাত ৰাম মন্দিৰ নিৰ্মাণ নকৰিব।’ কোৱা হৈছে যে চৰকাৰে ৬৭ একৰ ভূমি ৰাম মন্দিৰৰ বাবে ব্যৱহাৰ কৰাটো মুছলমানৰ দাবীক সম্পূৰ্ণৰূপে কাঢ়ি লোৱা আৰু আইনবিৰুদ্ধ।

ইংৰাজী সংবাদপত্ৰ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক ৰিপ’ৰ্ট অনুসৰি, পত্ৰত কোৱা হৈছে যে ‘আজি কবৰৰ কোনো চিন–চাব দেখা নগ’লেও তাৰ ৪–৫ একৰ ভূমিত মুছলমানৰ কবৰ আছিল। এনে অৱস্থাত তাত ৰাম মন্দিৰ কিদৰে নিৰ্মাণ কৰা হ’ব পাৰে।’

৯গৰাকী ব্যক্তিয়ে অধিবক্তাৰ জৰিয়তে ট্ৰাষ্টলৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে ‘কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ১৯৯৩ চনত অযোধ্যাত অধিগ্ৰহণ কৰা ৬৭ একৰ ভূমি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰদান কৰিছে। সেই ভূমিত মুছলমানৰ কবৰ আছিল। কেন্দ্ৰই ইয়াৰ ওপৰত বিবেচনা কৰা নাই যে মুছলমানৰ কবৰৰ ওপৰত ৰাম মন্দিৰ নিৰ্মাণ হ’ব নোৱাৰে। এয়া ধৰ্মৰ বিৰুদ্ধাচৰণ।’

পত্ৰত কোৱা হৈছে যে ‘আপোনালোক সকলো সমাজৰ সচেতন লোক। সকলোৱে সনাতন ধৰ্মৰ বিষয়ে জানে। আপোনালোকে এই কথাটো বিবেচনা কৰা উচিত যে ৰাম মন্দিৰৰ ভেটি কবৰৰ ওপৰত স্থাপন হ’ব পাৰেনে? ইয়াৰ সিদ্ধান্ত ট্ৰাষ্ট কৰ্তৃপক্ষই কৰিব লাগিব।’ ৰিপ’ৰ্ট অনুসৰি, পত্ৰত ঐতিহাসিক তথ্য উল্লেখ কৰি কোৱা হৈছে যে ১৮৫৫ চনৰ সংঘৰ্ষত ৭৫জন মুছলমান লোকৰ মৃত্যু হৈছিল আৰু আটাইকে সেই স্থানত কবৰস্থ কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি