ভাৰতত কৰোনা ভাইৰাছ (Corona Virus)ৰ অমিক্ৰন ভেৰিয়েণ্ট (Variant Omicron)ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। দেওবাৰে ৰাজস্থান (rajasthan)ৰ ৰাজধানী জয়পুৰ (jaipur)ত ৯ জন লোকৰ দেহত অমিক্ৰন ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰা হয়। জয়পুৰৰ একেটা পৰিয়ালৰে ৪ জন লোক আৰু তেওঁলোকৰ আত্মীয়সহ মুঠ ৯ জন লোকৰ জিনম ছিকুৱেঞ্চিং (Genome sequencing) ৰিপোৰ্ট পজিটিভ পোৱা গৈছে।
বাতৰি অনুসৰি জয়পুৰৰ এই ৯টা নমুনাই দক্ষিণ আফ্ৰিকাৰ অমিক্ৰন ভেৰিয়েণ্ট বুলি নিশ্চিত কৰিছে। ইয়াৰে ৪ জন লোক দক্ষিণ আফ্ৰিকা (South Africa)ৰ পৰা উভতি আহিছিল। বাকী ৫ জন তেওঁলোকৰ সৈতে সম্পৰ্কলৈ আহিছিল। সংক্ৰমিত আটাইকেইজনৰ চিকিৎসা চলি আছে। সকলোৰে অৱস্থা বৰ্তমান স্বাভাৱিক বুলি জানিব পৰা গৈছে। ৰাজস্থানৰ চিকিৎসা সচিব বৈভৱ গালাৰিয়াই কয় যে জয়পুৰত কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টাৰ দ্বাৰা ৯ জন লোক সংক্ৰমিত হোৱাৰ পিছত বিভাগটোৱে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ পৰা অহা এই পৰিয়ালটোক হাস্পতালত ভৰ্তি কৰিছে।
উল্লেখ্য যে সমগ্ৰ দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ২১লৈ বৃদ্ধি পালে।