• Home
  • »
  • News
  • »
  • nation
  • »
  • পশ্চিমবংগৰ বীৰভূমত চৰকাৰী বাছ আৰু অ'টোৰিক্সাৰ মুখামুখি সংঘৰ্ষত ৯ জন নিহত; প্ৰধানমন্ত্ৰী মোদীৰ আৰ্থিক অনুদান ঘোষণা

পশ্চিমবংগৰ বীৰভূমত চৰকাৰী বাছ আৰু অ'টোৰিক্সাৰ মুখামুখি সংঘৰ্ষত ৯ জন নিহত; প্ৰধানমন্ত্ৰী মোদীৰ আৰ্থিক অনুদান ঘোষণা

মঙলবাৰে পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬০ত এখন অটোৰিক্সাৰ সৈতে এখন ৰাজ্যিক পৰিবহণ বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত আঠগৰাকী মহিলাসহ ৯ জন লোক নিহত হয়।

মঙলবাৰে পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬০ত এখন অটোৰিক্সাৰ সৈতে এখন ৰাজ্যিক পৰিবহণ বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত আঠগৰাকী মহিলাসহ ৯ জন লোক নিহত হয়।

আৰক্ষীৰ সুত্ৰই জনোৱা অনুসৰি, ৰামপুৰহাটৰ ওচৰৰ মল্লাৰপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া অত্যাধিক ভিৰ কৰা অটোৰিক্সাখনে দক্ষিণ বংগ ৰাজ্যিক পৰিবহণ নিগমৰ (এছবিএছটিচি) বাছখনত খুন্দা মাৰিছিল।

  • Share this:

কালি মঙলবাৰে পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬০ত এখন অটোৰিক্সাৰ সৈতে এখন ৰাজ্যিক পৰিবহণ বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত আঠগৰাকী মহিলাসহ ৯ জন লোক নিহত হয়।


আৰক্ষীৰ সুত্ৰই জনোৱা অনুসৰি, ৰামপুৰহাটৰ ওচৰৰ মল্লাৰপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া অত্যাধিক ভিৰ কৰা অটোৰিক্সাখনে দক্ষিণ বংগ ৰাজ্যিক পৰিবহণ নিগমৰ (এছবিএছটিচি) বাছখনত খুন্দা মাৰিছিল।


বীৰভূমৰ আৰক্ষী অধীক্ষক নগেন্দ্ৰ নাথ ত্ৰিপাঠীয়ে পিটিআইক জনাই কয় যে আঠগৰাকী মহিলা অটোৰিক্সাৰ যাত্ৰী আছিল।


ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাকৈ ঘোষণা কৰে।



"পশ্চিম বংগৰ বীৰভূম জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে দুঃখিত। আহতসকলৰ বাবেও প্ৰাৰ্থনা," প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা এটা টুইটত এইদৰে কয়।


প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক প্ৰদান কৰা হ'ব, আনহাতে আহতসকলক ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ'ব।
Published by:Subham Goswami
First published: