হিমাচল প্ৰদেশৰ চোলন জিলাৰ কুমাৰহাটী–নাহন মাৰ্গত দেওবাৰে এটা বহুমহলীয়া ভৱন খহি পৰাৰ ফলত অসম ৰাইফলছৰ ৯জন জোৱান সহ মুঠ ১২জন লোকৰ কৰুণ মৃত্যু হয়। ইয়াৰে ১১জন জোৱান আৰু আনগৰাকী ভৱনটোৰ স্বত্বাধিকাৰীৰ পত্নী। অসম ৰাইফলছৰ ৯ জন জোৱানৰ ৬ জন অসম তথা উত্তৰ–পূবৰ। দৰঙৰ ভকতপাৰাৰ হামিদুৰ ৰহমান, মঙলদৈৰ গাৰিমাৰাৰ খগেন্দ্ৰ নাথ আৰু কলাইগাঁৱৰ প্ৰদীপ কুমাৰৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে। আনহাতে মৃত্যু হোৱা আন ২জন ত্ৰিপুৰাৰ আৰু এজন মণিপুৰৰ।
নিহতসকল : নেইব ছুবেদাৰ বিনোদ কুমাৰ, ছুবেদাৰ অজিত কুমাৰ, ছুবেদাৰ মেজৰ প্ৰদীপ চান্দ, ছুবেদাৰ যোগেশ কুমাৰ, ছুবেদাৰ বলবিন্দৰ সিং, নেইব ছুবেদাৰ ৰাজ কিশোৰ সিং আৰু শ্ৰীমতী অৰ্চনা।
অসম ৰাইফলছৰ জোৱানকেইজনৰ পষ্টিং হিমাচল ডাগচাইত আছিল। ঘৰটো খহি পৰাৰ ফলত বহু লোক আৱদ্ধ হৈ পৰে আৰু কেইবাজনো লোকক উদ্ধাৰ কৰা হয়। ইতিমধ্যে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্তৰ নিৰ্দেশ দিছে।
ধাবাত খাবলৈ ৰৈছিল জোৱানসকলচোলন দূৰ্ঘটনাত নিহত জোৱানকেইজনে তন্দুৰী ধাবাত দুপৰীয়াৰ আহাৰ খাবলৈ ৰৈছিল। হঠাৎ বহুমহলীয়া ভৱনটো খহি পৰাৰ ফলত ধাবাখন বিধ্বস্ত হয়। ছুটীৰ দিন হোৱাৰ কাৰণে তেওঁলোকে খাবলৈ আহিছিল কিন্তু নিষ্ঠুৰ নিয়তি যে চকুৰ পলকতে ধাবাখনৰ ওপৰত ভৱনটো খহি পৰে। এই দূৰ্ঘটনাত বিল্ডিঙৰ মালিকৰ পত্নীও নিহত হয়। বিল্ডিঙৰ মালিক সাহিল কুমাৰে পৰিয়ালসহ বিল্ডিঙতে বসবাস কৰিছিল। ভাগ্যক্ৰমে তেওঁলোকৰ সন্তানকেইটিয়ে বাহিৰত খেলি থকাৰ বাবে ৰক্ষা পৰে। কিন্তু পত্নীগৰাকী সাৰি নগ’ল নিজৰ ভাগ্যৰ ফেৰত।
উল্লেখযোগ্য যে ২০০৯চনত নিৰ্মাণ কৰা এই বিল্ডিঙটোৰ শেহতীয়াকৈ আৰু এটা মহলা বৃদ্ধি কৰা হৈছিল। ইতিমধ্যে বিল্ডিঙৰ মালিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।
Published by: Tulika Devi
FIRST PUBLISHED : July 15, 2019, 14:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।