যোৱা ২৪ ঘণ্টাত ভাৰতত কোৰোণাত আক্ৰান্ত হ’ল ৮৩ হাজাৰ, বিপৰীতে পাকিস্তানত মাত্ৰ ৮৬৫ জন

News18 Assam | News18-Assam
Updated:September 3, 2020, 4:50 PM IST
যোৱা ২৪ ঘণ্টাত ভাৰতত কোৰোণাত আক্ৰান্ত হ’ল ৮৩ হাজাৰ, বিপৰীতে পাকিস্তানত মাত্ৰ ৮৬৫ জন
ভাৰতবৰ্ষত কোৰোণা মহামাৰীৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাৰ বিপৰীতে চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশত কিছু পৰিমাণে প্ৰশমিত হোৱা দেখা গৈছে।

ভাৰতবৰ্ষত কোৰোণা মহামাৰীৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাৰ বিপৰীতে চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশত কিছু পৰিমাণে প্ৰশমিত হোৱা দেখা গৈছে।

  • Share this:
ভাৰতবৰ্ষত কোৰোণা মহামাৰীৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাৰ বিপৰীতে চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশত কিছু পৰিমাণে প্ৰশমিত হোৱা দেখা গৈছে। ‘Johns Hopkins University of Medicine’ৰ তথ্য মতে বুধবাৰৰ দিনটোত ভাৰতবৰ্ষত কোৰোণাত আক্রান্ত হৈছিল ৮৩,৮৮৩জন লোক আৰু মৃত্যু হৈছিল ১,০৪৩ জনৰ। ভাৰতত সৰ্বমুঠ আক্রান্তৰ সংখ্যাই ইতিমধ্যে ৩৮ লাখৰ ঘৰ স্পৰ্শ কৰিছে আৰু প্ৰায় ৬৭ হাজাৰ লোকৰ মৃত্যু হৈছে। পাকিস্তানত বুধবাৰৰ দিনটোত ৮৬৫জন লোক আক্রান্ত হৈছে আৰু ৩০জনৰ মৃত্যু হৈছে। চুবুৰীয়া দেশ খনত প্ৰায় ৩ লাখ লোক এই বেমাৰত পৰিছে আৰু ৬,৩২৮জন লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে।

বাংলাদেশৰ বুধবাৰৰ পৰিস্থিতি অৱশ্যে পাকিস্তানতকৈ শোচনীয়। বাংলাদেশত বুধবাৰে ২,৫৮২জন লোক আক্ৰান্ত হৈছে আৰু ৩৫ জন মৃত্যুৰ মুখত পৰিছে। আজিলৈকে দেশখনত আক্রান্তৰ সংখ্যা ৩,১৭,৫২৮জন আৰু মৃতকৰ সংখ্যা ৪,৩৫১জন।

অৱশ্যে পাকিস্তানতকৈ ভাৰতত আক্রান্তৰ সংখ্যাৰ অনুপাতে মৃত্যুৰ হাৰ নিম্ন। এই হাৰ ভাৰতত ১.৭৮ শতাংশ হোৱাৰ বিপৰীতে পাকিস্তানত ২.১৩ শতাংশ । বাংলাদেশত ইয়াতকৈও সন্তোষজনক। বাংলাদেশত এই পৰিসংখ্যা ১.৩৭ শতাংশ । দেশ কেইখনৰ জনসংখ্যাৰ অনুপাতে ভাৰতৰ অৱস্থা সকলোতকৈ পুতৌলগা।

ভাৰতীয় বিশেষজ্ঞ সকলে চুবুৰীয়া দেশ দুখনে পৰীক্ষা নকৰাৰ বাবে তেনেধৰণৰ পৰিসংখ্যাত উপনীত হৈছে বুলি ক’ব বিচাৰে। Worldmeterত উপলব্ধ তথ্য অনুসৰি ভাৰতে প্ৰতি ১০ লক্ষ নাগৰিকৰ বিপৰীতে ৩৩ হাজাৰ পৰীক্ষা কৰা হৈছে। আনহাতে পাকিস্তানত এই পৰিসংখ্যা ১২,১১২ আৰু বাংলাদেশত ৯,৫৬৩ ।

ডুবাইৰ পৰা প্ৰকাশিত ‘Gulf News’ৰ মতে পাকিস্তানত প্ৰায় স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে । চিনেমা হল পৰ্যন্ত মুকলি কৰি দিয়া হৈছে । বাংলাদেশৰ বেলিকা বংগবন্ধু শ্বেইখ মুজিব চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কনক কান্তি বৰুৱাই ঢাকা ট্ৰিবিউনক জনোৱা মতে, কোৰোণাৰ লক্ষণে দেখা দিলেও বহু লোক চিকিত্‍সালয়লৈ অহা নাই, গতিকে তাৰ প্ৰভাৱ মুঠ আক্ৰান্তৰ সংখ্যাত পৰিছে।
Published by: Himangshu Bhuyan
First published: September 3, 2020, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading