চোৰ বহু প্ৰকাৰৰ আছে, সোণ–ৰূপৰ পৰা গাড়ী বা তেল অথবা গৰু বা ছাগলী চোৰ। এনে চুৰিকাৰ্যৰ বিষয়ে সংবাদমাধ্যমতো প্ৰতিদিনে খবৰ ওলায়। কিন্তু এইবাৰ চাঞ্চল্য আৰু বহুল প্ৰচাৰ লাভ কৰিছে আন একপ্ৰকাৰৰ চোৰে। সেয়া হ'ল গোবৰ চোৰ। সামান্য গোবৰো নহয়, একেলগে ৮০০ কিলোগ্ৰাম গোবৰ চুৰি হৈছে। গোবৰ চুৰিক লৈ আৰক্ষী থানাত এটা অভিযোগো দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত কৰি আছে।
গোবৰ চুৰিৰ এই ঘটনাই গাঁওখনত বিয়পাইছে উত্তেজনা। গাঁওখন ধুৰেনা গাঁও, ছত্তিশগড়ৰ। কৃষিজীৱী গাঁওখনত গৰুৰ গোবৰ বিক্ৰী কৰি বহুতে উপাৰ্জনো কৰে। ৰাজ্যখনৰ চৰকাৰৰ এক আঁচনিও আছে গোবৰক লৈ। এই আঁচনিমতে গৰুৰ গোবৰ কিনি সংগ্ৰহ কৰা হয়। ছত্তিশগড় চৰকাৰে 'গোধন ন্যায় যোজনা' নামৰ আঁচনিৰ অধীনত প্ৰতি কিলোগ্ৰামত ২ টকাকৈ গোবৰ ক্ৰয় কৰি আছে। ক্ৰয় কৰা গোবৰ গৌথানত ৰখা হয়। এই গোবৰৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰাকৃতিক সাৰ উৎপাদন কৰাৰো পৰিকল্পনা কৰিছে, যাৰ বাবে এই আঁচনিৰ জৰিয়তে গোবৰ ক্ৰয় কৰা হৈছে।
এতিয়া গোবৰ চুৰিক লৈ সমগ্ৰ গাঁওখনত এক আলোড়ন সৃষ্টি হৈছে। ১৫ জুনত গৌথান সমিতিৰ গাঁৱৰ মুৰব্বী কামাহান সিং কানৱাৰে এই সন্দৰ্ভত আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰে। চুৰি হোৱা ৮০০ কিলোগ্ৰাম গোবৰৰ বজাৰ মূল্য হৈছে ১,৬০০ টকা। আৰক্ষীয়ে ধাৰণা কৰা মতে, আঁচনিত বিক্ৰী কৰি ধন ঘটাৰ বাবেই এইদৰে গোবৰ চুৰি কৰা হৈছে। তদন্ত অব্যাহত আছে, কিন্তু চোৰক ধৰিব পৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|