এটা, দুটা নহয়, একেলগে ৮০ টা গৰুৰ মৃতদেহ পৰি ৰৈছে। আৰু সেই মৃতদেহ চিন্ন বিচ্চিন্ন কৰিছে কুকুৰে। কেৰালাত হাতীৰ মৃত্যুক লৈ বিক্ষোভ অব্যাহত থকাৰ সময়তে এই মৰ্মান্তিক দৃশ্য পোহৰলৈ আহিছে হাৰিয়ানাত। যিসময়ত চৰকাৰে গো-পালনৰ আইন কৰিছে, সেইসময়ত গো-ৰক্ষা কৰাটো দূৰৈৰে কথা, এনেদৰেই এতিয়া পৰি ৰৈছে মৃতদেহ।
ল’ক ডাউনৰ মাজতে হাৰিয়ানাৰ সামালেখা অঞ্চলৰ শ্ৰীকৃষ্ণ গো-শালৰ ঘটনা এয়া। গো-শালত ল’ক ডাউৰ সময়ত খাদ্য যোগান ধৰিব পৰা নাই , ফলত এনেদৰে মৃত্যু হৈছে ৮০টাকৈ গৰু।
গো-শালৰ মালিক পক্ষৰ দাবী- বহু গৰু ৰাখিবলগীয়া হৈছে। ল’ক ডাউনৰ ফলত গৰুৰ ভালদৰে যতন ল’ব পৰা নাই তেওঁলোকে। চৰকাৰৰ পৰাও সহায় বিচাৰিছিল তেওঁলোকে। কিন্তু কোনেও সঁহাৰি নজনালে তেওঁলোকৰ আহ্বানৰ প্ৰতি।
কেৱল ইমানেই নহয়, কৰ্তৃপক্ষৰ অভিযোগ, মৃত গৰুৰ সত্কাৰৰ বাবেও দিব পৰা নাই ঠাই। ফলত এতিয়া গো-শালৰ ভিতৰতে পৰি ৰৈছে মৃতদেহ।
প্ৰায় ৩.৫ একৰ ভূমিত নিৰ্মিত শ্ৰীকৃষ্ণ গো-শাল। ১১০০টা গৰু থাকিব পাৰে এই গো-শালত। কিন্তু আছে ১৮৫০টা। সংস্থাৰ তৰফৰ পৰা জনাইছে যে, ‘খাদ্যৰ সংকটত মৰিছে গৰু। আৰু বহু গৰুৰ অৱস্থা সংকটজনক। শৰীৰ ইমানেই দুৰ্বল যে, খাবলৈ দিলেও এতিয়া খাব পৰা নাই।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|