মণিপুৰত ভয়ংকৰ ভূমিস্খলনত এইপৰ্যন্ত ৮জন নিহত। এতিয়াও ৬০ৰ পৰা ৭০জন লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ২৩জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে মণিপুৰত অবিৰত বৰষুণৰ মাজতে ২৯ জুনৰ মাজনিশা নোনী জিলাত সংঘটিত হয় প্ৰচণ্ড ভূমিস্খলন। জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণ কৰি থকা ৰে’লপথ সুৰক্ষিত কৰিবলৈ ৰাজ্যখনৰ নোনী জিলাৰ টুপুল ৰে’লৱে ষ্টেচনৰ সমীপত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মী কোম্পানীটোৰ অৱস্থানত ভূমিস্খলন হয়৷ দুৰ্ঘটনাৰ পিছত বহু লোক মাটিৰ তলত পোত খাই যায়।
মণিপুৰ চৰকাৰে নিহত ব্যক্তিসকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। আহত লোকসকললৈ আগবঢ়াব ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য।
এই ঘটনাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্ধাৰকাৰ্যৰ খবৰ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে মোদীয়ে। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 01, 2022, 00:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।