কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকল বাবে আহি আছে ডাঙৰ খবৰ । DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৫২ লাখ কৰ্মচাৰী আৰু ৬০ লাখ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে শীঘ্ৰেই পাব পাৰে এই উপহাৰ । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA আৰু পেঞ্চনাৰসকলে লাভ কৰা DRৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী (CGS)ৰ প্ৰতিনিধিত্ব কৰা জেচিএম (National Council of JCM)ৰ মাজত ২৬ জুনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে। এই বৈঠকখন অধ্যক্ষতা কৰিব কেবিনেট সচিবে।
এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰা হ'ব -
জেচিএমৰ মতে, ২০২১ চনৰ ২৬ জুনত বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগ, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ (DoPT) বিষয়া আৰু জেচিএমৰ প্ৰতিনিধিসকলৰ মাজত এক আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ কাৰ্যসূচীক লৈ জেচিএমৰ ৰাষ্ট্ৰীয় পৰিষদৰ শিৱ গোপাল মিশ্ৰাই উত্তৰ দিয়ে যে বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ সপ্তম CPC DA আৰু সপ্তম CPC DR বেনিফিটৰ ওপৰত আলোচনা কৰা হ'ব। বৈঠকখন পূৰ্বে ৮ মে'ত নিৰ্ধাৰণ কৰা হৈছিল, যদিও বৰ্ধিত কোভিড ঘটনাৰ বাবে পিছুৱাই দিয়া হৈছিল।
কিস্তিত পৰিশোধ কৰা হ'ব পাৰে -
জেচিএমৰ ৰাষ্ট্ৰীয় পৰিষদে আশা কৰিছে যে এই সন্মিলনৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে কিছু ভাল খবৰ আহিব। জেচিএমৰ ৰাষ্ট্ৰীয় পৰিষদ(National Council of JCM)ৰ শিৱ গোপাল মিশ্ৰাই আগতে কৈছিল যে জেচিএমে কেবিনেট সচিবৰ কাৰ্যালয়, ব্যয় বিভাগ আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগক পৰামৰ্শ দিছে যে যদি কেন্দ্ৰীয় চৰকাৰে এবাৰতে DA আৰু DR প্ৰাপ্য পৰিশোধ কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁলোকে সেইবোৰ কিস্তিত পৰিশোধ কৰিব পাৰে। ২০২১ চনৰ ২৬ জুনত অনুষ্ঠিত হ'বলগীয়া সন্মিলনখন ৮ মে'ত অনুষ্ঠিত হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ কোভিড-১৯ ৰ ব্যাপক সংহাৰৰ বাবে বৈঠক পিছুৱাই দিয়া হয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তত উপনীত হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে DA আৰু DR লাভালাভ চলিত বছৰৰ ১ জুলাইৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব । অৱশ্যে DA আৰু DRৰ বকেয়া নিষ্পত্তিৰ তিনিটা কিস্তিৰ বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
৪ শতাংশলৈকে বৃদ্ধি কৰা হ'ব পাৰে -
নৰেন্দ্ৰ মোডী চৰকাৰৰ ঘোষণা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা কৰ্মচাৰীসকলৰ DAৰ লাভালাভ বাহাল কৰিবলৈ গৈ আছে। বিত্ত মন্ত্ৰালয়ৰ অনুৰাগ ঠাকুৰে বিগত মাহত এই সন্দৰ্ভত ৰাজ্যসভাক অৱগত কৰিছিল। সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচক (All India Consumer Price Index (AICPI)ৰ তথ্য অনুসৰি, জানুৱাৰী আৰু জুন,২০২১ৰ ভিতৰত কমেও ৪ শতাংশ বৃদ্ধি কৰা হ'ব পাৰে কৰ্মচাৰীৰ DA । চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA ১৭ শতাংশৰ পৰা ২৪ শতাংশলৈ বৃদ্ধি হ'ব পাৰে। ইয়াৰ ভিতৰত ২০২০ৰ জানুৱাৰীৰ পৰা জুনলৈকে ৩ শতাংশ বৃদ্ধি হ'ব আৰু জুলাইৰ পৰা ডিচেম্বৰলৈ ৪ শতাংশ বৃদ্ধি আৰু ২০২১ৰ জানুৱাৰীৰ পৰা জুনলৈ ৪ শতাংশ বৃদ্ধি অন্তৰ্ভুক্ত আছে।