মুখ্যপৃষ্ঠা »খবৰ »দেশ »7th Pay Commission: এইসকল চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ'ব পাৰে বৃদ্ধি, কাৰণসহ দিলে পৰামৰ্শ

7th Pay Commission: এইসকল চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ'ব পাৰে বৃদ্ধি, কাৰণসহ দিলে পৰামৰ্শ

সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহত চৰকাৰী দৰমহা লাভ কৰা শিক্ষকৰ বাছনি যোগ্যতাৰ ভিত্তিত কৰাৰ নিৰ্দেশ।

সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহত চৰকাৰী দৰমহা লাভ কৰা শিক্ষকৰ বাছনি যোগ্যতাৰ ভিত্তিত কৰাৰ নিৰ্দেশ।

  • Share this:

প্ৰাক্তন আইএএছ বিষয়া কে মোহন দাসৰ নেতৃত্বত গঠিত ১১তম দৰমহা সংশোধনী আয়োগে কেৰালা চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখনে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৰ্তমানৰ ৫৬ বছৰৰ পৰা ৫৭ বছৰলৈ বৃদ্ধি কৰাকে ধৰি কেইবাটাও পৰামৰ্শ দিছে।


প্ৰতিবেদনত আয়োগে পৰামৰ্শ দিয়ে যে চৰকাৰে অৱসৰৰ পথত থকা কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স এবছৰ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত অৱসৰ পাবলগীয়া কৰ্মচাৰীসকলক চৰকাৰে পৰিশোধ কৰিবলগীয়া ধনৰাশি কিছু সময়ৰ বাবে ধৰি ৰাখিব পৰাৰ সুবিধা পাব।


প্ৰতিবেদনত কোৱা হৈছে, "আন বহুতো ৰাজ্যত অৱসৰৰ বয়স আমাৰ তুলনাত অধিক। ৰাজ্যখনত প্ৰতিবছৰে প্ৰায় ২০,০০০ কৰ্মচাৰীয়ে অৱসৰ লয়। অৱসৰৰ বয়স এবছৰ বৃদ্ধি কৰিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰদান কৰিব লগা বিত্তীয় পুঁজিৰ ক্ষেত্ৰত চৰকাৰে অস্থায়ী সকাহ পাব।'


আয়োগে লগতে পৰামৰ্শ দিয়ে যে চৰকাৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পাঁচদিনীয়া কৰ্মসূচী অনুসৰণ কৰিব লাগে। এনে কৰোঁতে কাৰ্যালয়ৰ সময় এঘণ্টাৰ বাবে (পুৱা ৯:৩০ বজাৰ পৰা সন্ধিয়া ৫:৩০ বজালৈ) বৃদ্ধি কৰিব লাগে। প্ৰচলিত ব্যৱস্থা অনুযায়ী ৰাজ্যখনত কাৰ্যালয়ৰ সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ।


আনহাতে আয়োগে পৰামৰ্শ দিয়ে যে যিসকল শিক্ষকে সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহত চৰকাৰী দৰমহা লাভ কৰিছে, তেওঁলোকক যোগ্যতাৰ ভিত্তিত বাছনি কৰিব লাগে আৰু ই স্বচ্ছ বাছনি হ'ব লাগে। ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে কেৰালা নিযুক্তি বোৰ্ড এনে শিক্ষানুষ্ঠানসমূহৰ পৰিচালনাৰ সহযোগত স্থাপন কৰিব লাগে।

শেহতীয়া বাতৰি