মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»7th Pay Commission: ১.২ কোটি কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! DA আৰু DRৰ সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত

7th Pay Commission: ১.২ কোটি কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! DA আৰু DRৰ সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:July 7, 2021, 5:57 PM IST
7th Pay Commission: ১.২ কোটি কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! DA আৰু DRৰ সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত
জুলাইৰ ভিতৰত দৰমহা বাঢ়িব পাৰে

জুলাইৰ ভিতৰত দৰমহা বাঢ়িব পাৰে

  • Share this:
দেশৰ ১.২ কোটি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী (Central government employee's) আৰু পেন্সনাৰ (Pensioner's)ৰ DA আৰু DRৰ সন্দৰ্ভত ডাঙৰ খবৰ আহি আছে। আজিয়েই DA আৰু DRৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলগীয়া আছিল যদিও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে আজি স্থগিত ৰখা হয়।

উল্লেখ্য যে, যোৱা ২৬ জুনত কেবিনেট সচিবৰ অধ্যক্ষতাত বিত্ত মন্ত্ৰণালয় আৰু নেচনেল কাউঞ্চিল অব জইণ্ট কন্সাল্টেটিভ মিচনেৰীৰ বৈঠকত ছেপ্তেম্বৰ মাহত DA প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছিল। আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্তক মোহৰ লগাব পাৰে।

জুলাইৰ ভিতৰত দৰমহা বাঢ়িব পাৰে

আপোনাক কওঁ যে, কৰ্মচাৰীসকলৰ এতিয়া ১৭ শতাংশ হাৰত ডি.এ. পৰিশোধ কৰে, যি ১১ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব। আনহাতে, কৰ্মচাৰীসকলে দুবছৰৰ প্ৰত্যক্ষ ডিএৰ সুবিধা লাভ কৰিবলৈ গৈ আছে, কিয়নো ২০২০ চনৰ জানুৱাৰীত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ dearness allowance ৪ শতাংশ বৃদ্ধি পাইছিল, তাৰ পিছত ২০২০ চনৰ জুনমাহত ৩ শতাংশ বৃদ্ধি পাইছিল, এতিয়া ২০২১ চনৰ জানুৱাৰীত dearness allowance পুনৰ ৪ শতাংশ বৃদ্ধি পাইছে, অৰ্থাৎ মুঠ ২৮ শতাংশ।
Published by: Himangshu Bhuyan
First published: July 7, 2021, 5:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি