নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলে (Central Government Employees) অতি শীঘ্ৰেই এটাৰ পিছত আন এটাকৈ কেইবাটাও সুবিধা পাবলৈ গৈ আছে। উৎসৱৰ বতৰৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাট্টা (Dearness Allowances) আকৌ এবাৰ ৩শতাংশ বাঢ়িবলৈ গৈ আছে। সহজ শব্দৰে বুজিবলৈ হ’লে ১জুলাই, ২০২১ৰ পৰা ডিএ ১৭ শতাংশ বাঢ়ি ২৮ শতাংশ লৈকে বাহাল ৰখাৰ কিছু মাহৰ পিছতে তেওঁলোকৰ ডি এ (DA Hike) আকৌ হ’ব। চলিত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ (Pensioners) ডিএ ১১ শতাংশ বঢ়াই ২৮শতাংশ কৰাৰ সিদ্ধান্ত লৈছিল।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে কৰা হৈছিল কেইবাটাও ঘোষণাঃকেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ এই উৎসৱৰ বতৰত ডিএ আৰু ডিআৰৰ হাৰ ৩শতাংশ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেন্সনভোগীৰ ডিএ আৰু ডিআৰ বেচিক চেলাৰীৰ ২৮ শতাংশৰ পৰা বাঢ়ি ৩১শতাংশ হৈ পৰিব। ডিএ আৰু ডিআৰ বৃদ্ধিৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কিছু আন সুবিধাও লাভ কৰিব। শেহতীয়াকৈ ইয়াৰ ঘোষণা কৰা হৈছিল। আহক চাও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে উৎসৱৰ বতৰত লাভ কৰিবলৈ গৈ থকা ৫টা ডাঙৰ সুবিধাৰ বিষয়ে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ পৰিয়ালৰ পেন্সনৰ সীমা ৪৫০০০ৰ পৰা বৃদ্ধি কৰি ১.২৫ লাখ টকা কৰি দিয়া হৈছে। মৃত কৰ্মচাৰীসকলৰ আত্মীয়ক সহায় কৰাৰ মানসেৰে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে।
মোদী চৰকাৰে নিজৰ ঘৰ বনাবলৈ ইচ্ছুক চৰকাৰী কৰ্মচাৰীসকলক কম সুতৰ বিপৰীতে ঋণ দিবলৈ জুন ২০২০ত হাউচ বিল্ডিং এডভান্সৰ (HBA) আৰম্ভনি কৰিছিল। ইয়াৰ বাহিৰে ৰিটায়াৰ হোৱা কেন্দ্ৰ চৰকাৰৰ পেন্সনভোগীৰ ৰেজিষ্টাৰ্ড মোবাইল আৰু ইমেইলত পোনে পোনে এছএমএছ, ইমেইল তথা হোৱাটছএপৰ জৰিয়তে পেন্সনৰ ৰচিদ দিয়াও আৰম্ভ কৰিছিল। আনহাতে ডিএ আৰু ডিআৰৰ বাহিলে বৰ্ধিত হাউস এলাউন্সৰ (HRA) সুবিধাও তেওঁলোকে পাব। উল্লেখ্য যে, ডিএ ২৫ শতাংশৰো অধিক হ’লে এইচআৰএ নিজে নিজে বাঢ়ি যায়। বৰ্ধিত এইচআৰএৰ সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে পাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|