মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»7th Pay Commission: এইসকল চৰকাৰী কৰ্মচাৰীৰ হ'ব পদোন্নতি, ১৫ হাজাৰ টকা বাঢ়িব মাহিলী দৰমহাত

7th Pay Commission: এইসকল চৰকাৰী কৰ্মচাৰীৰ হ'ব পদোন্নতি, ১৫ হাজাৰ টকা বাঢ়িব মাহিলী দৰমহাত

News18 Assam | News18-Assam
Updated:October 11, 2021, 3:31 PM IST
7th Pay Commission: এইসকল চৰকাৰী কৰ্মচাৰীৰ হ'ব পদোন্নতি, ১৫ হাজাৰ টকা বাঢ়িব মাহিলী দৰমহাত
কেন্দ্ৰীয় চৰকাৰে DA বঢ়োৱাৰ লগতে একাংশ কৰ্মচাৰীৰ পদোন্নতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে DA বঢ়োৱাৰ লগতে একাংশ কৰ্মচাৰীৰ পদোন্নতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • Share this:
কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে উৎসৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে আনিছে সুখৰ খবৰ। এইবাৰ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ DA বঢ়োৱাৰ লগতে একাংশ কৰ্মচাৰীৰ পদোন্নতিৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। কোৱা হৈছে যে, একাংশ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ফালৰ পৰা অহা পদোন্নতিৰ আবেদনক স্বীকাৰ কৰিছে চৰকাৰে।

চৰকাৰী আদেশ অনুসৰি, ভাৰতীয় ৰে'লৱেৰ বিষয়াক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি পদোন্নতি দিয়া হৈছে।

কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন এই পদোন্নতিৰ পিছত ২৫,৩৫০ ৰ ৰকা বাঢ়ি ২৯,৫০০ টকা হ'বগৈ। চৰকাৰী তথ্য মতে, ৰে'লৱে বোৰ্ড সচিবালয় সেৱা, ৰেলৱে বোৰ্ড সচিবালয় ষ্টেনোগ্ৰাফাৰ চাৰ্ভিচৰ বিষয়াৰ পদোন্নতি এইবছৰ হ'বলগীয়া আছিল। এইসকল বিষয়াক আণ্ডাৰ চেক্ৰেটৰী, উপ সচিব পদলৈ পদোন্নতি কৰা হ'ব।

প্ৰমোচনৰ লগতে এইসকল কৰ্মচাৰীৰ দৰমহা ১৫ হাজাৰ টকা প্ৰতিমাহে বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ বেচিক চেলাৰী ৬৭,৭০০ৰ পৰা বাঢ়ি ৭৮,৮০০ টকা হ'বগৈ।
Published by: Himangshu Bhuyan
First published: October 11, 2021, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি