• Home
  • »
  • News
  • »
  • nation
  • »
  • চৰকাৰী বেংকৰ কৰ্মচাৰীৰ কাৰণে সুখবৰ, অহা মাহত পাব বৰ্ধিত দৰমহা

চৰকাৰী বেংকৰ কৰ্মচাৰীৰ কাৰণে সুখবৰ, অহা মাহত পাব বৰ্ধিত দৰমহা

ৰাজহুৱা ক্ষেত্ৰৰ (PSU) বেংকত কাম কৰা কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰা DA ৩.৬ শতাংশ বৃদ্ধি কৰিছে। 

ৰাজহুৱা ক্ষেত্ৰৰ (PSU) বেংকত কাম কৰা কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰা DA ৩.৬ শতাংশ বৃদ্ধি কৰিছে। 

ৰাজহুৱা ক্ষেত্ৰৰ (PSU) বেংকত কাম কৰা কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰা DA ৩.৬ শতাংশ বৃদ্ধি কৰিছে। 

  • News18
  • Last Updated :
  • Share this:
    দূৰ্গাপূজাৰ পূৰ্বে ৰাজহুৱা ক্ষেত্ৰৰ বেংকত চাকৰি কৰা কৰ্মচাৰীসকলৰ কাৰণে ভাল খ‍বৰ। চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰা DA ৩.৬শতাংশ বৃদ্ধি কৰিছে। এই বৃদ্ধি আগষ্ট–অক্টোবৰ ত্ৰিমাসিকৰ কাৰণে কৰা হৈছে। ইণ্ডিয়ন বেংকছ এছ’চিয়েশ্যনে এই সংক্ৰান্তত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। মিডিয়া ৰিপৰ্টছৰ মতে অখিল ভাৰতীয় উপভোক্তা মূল্য সূচাংক (AICPI)ৰ পৰিসংখ্যা অনুসৰি এইবছৰ জুন মাহত উপভোক্তা মূল্য সূচাংক ৭২১২.৯৮, এপ্ৰিলত ৭১২১.৬৮ আৰু মে’ মাহত এয়া বৃদ্ধি হৈ ৭১৬৭.৩৩ আছিল। এই পৰিসংখ্যালৈ চাই চৰকাৰে ডি এ ৩.৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

    ছেপ্তেম্বৰ মাহত পাব বৰ্ধিত দৰমহা

    এই নিৰ্দেশৰ পিছত কৰ্মচাৰীসকলে ছেপ্তেম্বৰ মাহৰ দৰমহা বৰ্ধিত হাৰত লাভ কৰিব। উল্লেখযোগ্য যে চৰকাৰে প্ৰতি ছমাহত ডিএ ৰ পুনৰ সমীক্ষা কৰে। ২০১৬চনত নতুন দৰমহা আয়োগৰ নিৰ্দেশ বলৱৎ হোৱাৰ পিছত এই ভাট্টা বন্ধ কৰি দিয়া হৈছিল কিন্তু কৰ্মচাৰীসকলৰ তীব্ৰ বিক্ষোভৰ পিছত এই নিৰ্দেশ উঠাই লোৱা হৈছিল।

    ছেপ্তেম্বৰ মাহতে বলৱৎ হ’ব নতুন সময়

    বিত্ত মন্ত্ৰালয়ৰ বেংকিং ডিভিজনৰ সিদ্ধান্তমতে সকলো চৰকাৰী আৰু ক্ষেত্ৰীয় গ্ৰামীণ বেংক (RRB) পুৱা ৯বজাত খুলিব। IBA–এ ২৪জুনত গ্ৰাহকৰ সুবিধাৰ ক্ষেত্ৰত গঠন কৰা উপ সমিতিৰ বৈঠকত বেংকৰ শাখা কাৰ্যালয় খোলাৰ তিনিটা বিকল্পৰ প্ৰস্তাৱ দিছে। প্ৰথম পুৱা ৯বজাৰ পৰা দুপৰীয়া ৩বজালৈ খোলাৰ, দ্বিতীয়টো পুৱা ১০বজাৰ পৰা আবেলি চাৰি বজালৈ আৰু তৃতীয়টো পুৱা ১১বজাৰ পৰা সন্ধিয়া ৫বজালৈ। IBA–এ বেংকক নিৰ্দেশ দিছে যে ৩১ আগষ্টলৈকে জিলা স্তৰৰ গ্ৰাহক সম্বনয় সমিতিৰে বৈঠক অনুষ্ঠিত কৰি সময় নিৰ্ধাৰণ কৰি ইয়াৰ খবৰ স্থানীয় খবৰ কাকতত প্ৰকাশ কৰক।
    First published: