உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 7th Pay Commission: চৰকাৰী কৰ্মচাৰীসকলে এই সপ্তাহত পাব ডাবল বনাচ! জানক কিমান বাঢ়িব দৰমহা

    7th Pay Commission: চৰকাৰী কৰ্মচাৰীসকলে এই সপ্তাহত পাব ডাবল বনাচ! জানক কিমান বাঢ়িব দৰমহা

    ফাইল ফটো

    ফাইল ফটো

    কোৰোনা কালত কেন্দ্ৰই অস্থায়ীভাৱে বন্ধ কৰি ৰখা কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (DA Arrear) দিয়া নাই। এই ডিএ জুলাই ২০২১ৰ পৰা বাঢ়িছে (Dearness Allowance Hike)।

    • Share this:
    নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰে মৰগীয়া বানচ, হাউচ ৰেণ্ট এলাউন্স আদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে বঢ়োৱাৰ পিচত এই সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আন এক উপহাৰ পাবলৈ গৈ আছে। দৰাচলতে চৰকাৰে কোৰোনাৰ সংকটৰ সময়ত ডেৰ বছৰে বন্ধ কৰি ৰখা মৰগীয়া বানচৰ এৰিয়াৰ (Dearness allowance) কৰ্মচাৰীসকলক দিয়া নাই। এনেকুৱাত ছেপ্তেম্বৰ মাহৰ দৰমহাৰ সৈতে চৰকাৰী কৰ্মচাৰীসকলে ডাবল বনাচ পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, চৰকাৰে লক্ষ লক্ষ কৰ্মচাৰীৰ ডিএ বঢ়াই ২৮ শতাংশ কৰি দিছে। লগতে হাউচ ৰেণ্ট এলাউন্স (HRA) বৃদ্ধি কৰিছে।

    কেন্দ্ৰ চৰকাৰে আদেশ জাৰি কৰি কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ মাহেকীয়া বেতনৰ আধাৰত হাউচ ৰেণ্ট এলাউন্স আৰু ডি এ বঢ়াব লাগে। নিয়ম অনুসৰি ডিএ ২৫ শতাংশৰ অধিক হ’লে এইচআৰএ বঢ়াব লাগে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এইচআৰএ বঢ়াই ২৭ শতাংশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা যোৱা ৭জুলাইত জাৰি কৰা আদেশত কোৱা হৈছিল যে যেতিয়া ডিএ ২৫শতাংশৰ অধিক হৈছে তেতিয়া এইচআৰএও সংশোধন কৰিব লাগে। এনেকুৱাত ১জুলাই ২০২১ৰ পৰা মৰগীয়া ভাট্টা বাঢ়ি ২৮শতাংশ হোৱাৰ কাৰণে এইচআৰএও বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে।

    কোনে কিমান পাব HRA

    কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে চহৰৰ কেটেগৰী হিচাপত ২৭ শতাংশ, ১৮ শতাংশ আৰু ৯শতাংশ এইআৰএ দিয়া হ’ব। এই বৃদ্ধি ডিএৰ লগতে ১জুলাই, ২০২১ৰ পৰা বলৱৎ কৰা হৈছে। হাউচ ৰেণ্ট এলাউন্স কেটেগৰী X, Y আৰু Z ক্লাচৰ চহৰৰ হিচাপত দিয়া হয়। সহজ শব্দত ক’বলৈ গ’লে X কেটেগৰীৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলে এতিয়া ৫৪০০ টকা অতিৰিক্ত মাহৰ হিচাপত এইচআৰএ পাব। ইয়াৰ পিছত Y কেটেগৰী কৰ্মচাৰীসকলে ৩৬০০ টকা  মাহেকত অতিৰিক্ত আৰু Z ক্লাছৰ কৰ্মচাৰীসকলে ১৮০০ টকা অতিৰিক্ত হাউচ ৰেণ্ট এলাউন্স পাব।

    দৰমহা বঢ়াৰ অংক কি?

    সপ্তম দৰমহা আয়োগৰ মতে, কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেচ চেলাৰী ১৮,০০০ টকা। সদ্যহতে প্ৰাইভেট চেক্টৰৰ কৰ্মচাৰীসকলৰ বেচিক চেলাৰী ১৫০০০ টকাৰ পৰা আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ১৮,০০০ টকা বেচিক চেলাৰীত ৩০৬০ টকা মৰগীয়া ভাট্টা জুন ২০২১লৈকে ১৭শতাংশ হাৰত পাই আছিল। জুলাই, ২০২১ৰ পৰা কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলে ২৮শতাংশ ডিএৰ হিচাপত প্ৰতি মাহে ৫০৪০ টকা পাব। এই ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাহেকীয়া বেতন ১৯৮০ টকা বাঢ়িছে।
    First published: