• Home
  • »
  • News
  • »
  • nation
  • »
  • 7th Pay Commission: ভাল খবৰ! ১৬ মাৰ্চত চৰকাৰী কৰ্মচাৰীয়ে পাব উপহাৰ! একাউণ্টত জমা হ'ব ৩৮,৬৯২ টকা

7th Pay Commission: ভাল খবৰ! ১৬ মাৰ্চত চৰকাৰী কৰ্মচাৰীয়ে পাব উপহাৰ! একাউণ্টত জমা হ'ব ৩৮,৬৯২ টকা

চৰকাৰী কৰ্মচাৰীৰ DAত অতিৰিক্ত ৩ শতাংশ বৃদ্ধি হ'বলৈ গৈ আছে। যাৰ ফলত ব্যাপক ভাবে লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল।

চৰকাৰী কৰ্মচাৰীৰ DAত অতিৰিক্ত ৩ শতাংশ বৃদ্ধি হ'বলৈ গৈ আছে। যাৰ ফলত ব্যাপক ভাবে লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল।

চৰকাৰী কৰ্মচাৰীৰ DAত অতিৰিক্ত ৩ শতাংশ বৃদ্ধি হ'বলৈ গৈ আছে। যাৰ ফলত ব্যাপক ভাবে লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল।

  • Share this:
দেশৰ লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ১৬ মাৰ্চত ভাল খবৰ পাব পাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ ৩ শতাংশ বৃদ্ধি হ'ব। বৰ্তমান কৰ্মচাৰীসকলে ৩১ শতাংশৰ হাৰত ডিএ লাভ কৰে, কিন্তু ইয়াক ৩৪ শতাংশলৈ বৃদ্ধি কৰা হ'ব। যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পৰিমাণে বৃদ্ধি হব।

জানুৱাৰীতে ঘোষণা হোৱাৰ কথা আছিলঃ

জানুৱাৰী মাহতে এই কথা ঘোষণা কৰাৰ কথা আছিল। কিন্তু সময়ত সেয়া হৈ নুঠিল। গতিক হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

১৬ মাৰ্চত হ'ব পাৰে বৈঠকঃ
সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি, কৰ্মচাৰীসকলৰ বেচিক চেলাৰীৰ ওপৰত ডিএ ঘোষণা কৰা হয়। ১৬ মাৰ্চত অনুষ্ঠিত হোৱা কথা আছে কেবিনেট বৈঠক। আৰু এই বৈঠকতে ডিএ বৃদ্ধিৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত, নিৰ্বাচনৰ বাবে আৰোপ কৰা আচৰণ বিধিৰ বাবে ইয়াক ঘোষণা কৰা হোৱা নাছিল।

হোলীৰ পিছতে লাভ কৰিব সম্পূৰ্ণ টকাঃ

কেন্দ্ৰীয় কৰ্মচাৰীসকলক মাৰ্চৰ দৰমহাৰ সৈতে নতুন ডিএৰ সম্পূৰ্ণ পেমেণ্ট কৰা হ'ব। হোলীৰ পিছত, কৰ্মচাৰীসকলে যোৱা ২ মাহৰ বাবে তেওঁলোকৰ সকলো ধন লাভ কৰিব। যদি আপোনাৰ বেচিক চেলাৰী ১৮০০০ টকাৰ পৰা ৫৬,৯০০ টকাৰ ভিতৰত হয় আৰু আপুনি ৩৪ শতাংশ হাৰত ডিএ গণনা কৰে, তেনেহ'লে আপোনাৰ ডিএ প্ৰতি মাহে ১৯,৩৪৬ টকা হ'ব। একে সময়তে, কৰ্মচাৰীসকলে বৰ্তমান বকেয়া হিচাপে ১৭,৬৩৯ টকা লাভ কৰি আছে।

একাউণ্টত জমা হ'ব ৩৮,৬৯২ টকাঃ

কৰ্মচাৰীসকলৰ ডিএ মুঠ ১৭০৭ টকা বৃদ্ধি কৰা হ'ব। যদি আপুনি ইয়াক বাৰ্ষিক ভিত্তিত গণনা কৰে, ই হ'ব প্ৰায় ২০,৪৮৪ টকা। উল্লেখ্য যে, মাৰ্চ মাহত, কৰ্মচাৰীসকলক ২ মাহৰ বকেয়া দিব লাগিব, গতিকে এই হিচাপত কৰ্মচাৰীৰ বকেয়া ৩৮,৬৯২ টকা একাউণ্টত সোমাব।
Published by:Himangshu Bhuyan
First published: