নৱৰাত্ৰিত এইসকল কৰ্মচাৰীয়ে পাব পাৰে ডাঙৰ উপহাৰ, ৫০০০টকালৈকে দৰমহা বঢ়াৰ চৰ্চা

নৱৰত্ন কোম্পানী ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ শীৰ্ষ মেনেজমেণ্টে অফিচাৰ্চ গ্ৰেডৰ কৰ্মচাৰীসকলৰ বাবে DA–ত শতকৰা ৫শতাংশ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। 

News18
Updated:September 5, 2019, 4:04 PM IST
নৱৰাত্ৰিত এইসকল কৰ্মচাৰীয়ে পাব পাৰে ডাঙৰ উপহাৰ, ৫০০০টকালৈকে দৰমহা বঢ়াৰ চৰ্চা
নৱৰত্ন কোম্পানী ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়াৰ শীৰ্ষ মেনেজমেণ্টে অফিচাৰ্চ গ্ৰেডৰ কৰ্মচাৰীসকলৰ বাবে DA–ত শতকৰা ৫শতাংশ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। 
News18
Updated: September 5, 2019, 4:04 PM IST
দেশৰ নৱৰত্ন কোম্পানীৰ অন্তৰ্গত ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়া (SAIL)ৰ শীৰ্ষ মেনেজমেণ্টে অফিচাৰ্চ গ্ৰেডৰ কৰ্মচাৰীসকলৰ কাৰণে DA শতকৰা ৫শতাংশ বৃদ্ধিৰ পৰামৰ্শ প্ৰদান কৰিছে। এই ক্ষেত্ৰত চৰকাৰী কোম্পানীটোৱে শ্ৰম মন্ত্ৰী সন্তোষ গংগাৱাৰলৈ পত্ৰ লিখিছে। SAIL–এ মেনেজমেণ্টৰ এই পৰামৰ্শ মানি ল’লে প্ৰতিজন অফিচাৰ গ্ৰেডৰ কৰ্মচাৰীয়ে প্ৰতিমাহে দৰমহা ৫হাজাৰ টকা বাঢ়িব পাৰে। 

সংবাদমাধ্যমত ওলোৱা খবৰ অনুসৰি SAIL–এ  ১ অক্টোবৰৰ পৰা অফিচাৰ গ্ৰেডৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। যদি মোদী চৰকাৰে SAIL মেনেজমেণ্টৰ প্ৰস্তাৱ মানি ল’লে SAIL বিষয়াসকলৰ দৰমহাৰ DA ৫৭.৪ৰ পৰা ৬২.৪ শতাংশলৈ বৃদ্ধি হ’ব পাৰে। 
আৰু চাওক পৰৱৰ্তী বাতৰি