কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে সপ্তম দৰমহা আয়োগৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ DA আৰু DR ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যাৰ ফলত ২০ হাজাৰৰ পৰা ৫৬ হাজাৰ টকালৈকে দৰমহা পোৱা সকলৰ হ'ব বাম্পাৰ লাভ। সেই বকেয়াৰ এৰিয়াৰৰ ক্ষেত্ৰত এতিয়াও চৰকাৰৰ সিদ্ধান্ত বাকী আছে।
এতিয়া চৰকাৰী কৰ্মচাৰীসকলে নিজৰ ১৮ মাহৰ বকেয়াৰ অপেক্ষাত আছে। যি জানুৱাৰী ২০২০ৰ পৰা জুন ২০২১লৈকে কোৰোণাৰ বাবে কৰ্মচাৰীয়ে বকেয়া লাভ কৰা নাছিল।
জানুৱাৰী ২০২০ত চাৰি শতাংশ, জুনত ৩ শতাংশ আৰু জানুৱাৰী ২০২১ত ৪ শতাংশ বৃদ্ধি হৈছিল। এতিয়া কৰ্মচাৰীয়ে বিচাৰিছে বকেয়া। শেহতীয়াকৈ চৰকাৰে এয়া নাকচ কৰিছে। কিন্তু সংগঠনে বাৰে বাৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখিছে। যাৰ ফলত কিছু আশাৰ সম্ভাৱনা নথকা নহয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 24, 2021, 14:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।