• Home
  • »
  • News
  • »
  • nation
  • »
  • Independence Day : ‘দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে, আগন্তুক ২৫ বছৰৰ বাবে ৫টা পণ ল’ব লাগিব’ : মোদী

Independence Day : ‘দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে, আগন্তুক ২৫ বছৰৰ বাবে ৫টা পণ ল’ব লাগিব’ : মোদী

ভাষণৰ আৰম্ভণিতে দেশবাসীক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভেচ্ছা জনালে মোদীয়ে। স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাষণৰ আৰম্ভণিতে দেশবাসীক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভেচ্ছা জনালে মোদীয়ে। স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাষণৰ আৰম্ভণিতে দেশবাসীক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভেচ্ছা জনালে মোদীয়ে। স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

  • Share this:
আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী হিচাপে নৱমবাৰৰ বাবে মোদীয়ে লালকিল্লাত উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা। তিৰংগা উত্তোলনৰ পিছতে লালকিল্লাৰ পৰা দেশক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাষণৰ আৰম্ভণিতে দেশবাসীক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ শুভেচ্ছা জনালে মোদীয়ে। স্বাধীনতা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে কয় যে মহাত্মা গান্ধীৰ পৰা সাৱৰকাৰলৈ, শ্বহীদসকলৰ সপোন পূৰ্ণ কৰাৰ সময় সমাগত।

দেশৰ নাৰী শক্তিক প্ৰশংসা মোদীৰ। স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকাক প্ৰশংসা কৰিলে মোদীয়ে। দেশৰ জনজাতীয় লোকসকলকো স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে মোদীয়ে।

ভাষণত মোদীয়ে কয়, ‘‘আজিৰে পৰা দেশৰ নতুন আৰম্ভণি। স্বাধীনতাৰ বাবে অগণন লোকে বলিদান দিছে, সকলোৰে অৱদানক আজি স্মৰণ কৰাৰ দিন। ইতিহাসে পাহৰা শ্বহীদসকলক স্মৰণ কৰাৰ দিন। ৭৫ বছৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশ। কেইবাখনো যুদ্ধত লিপ্ত হ’বলগীয়া হৈছে দেশ। সন্ত্ৰাসবাদীয়ে আমাৰ দেশক অস্থিৰ কৰিব বিচাৰিছে, ভাৰতে সাহসেৰে প্ৰত্যাহ্বনৰ মুখামুখি হৈছে।’’

দেশৰ জনতা আকাংক্ষী জনতা বুলি উল্লেখ কৰি মোদীয়ে কয়, সময়ৰ সৈতে দৌৰিব লাগিব চৰকাৰ। কোৰোণাৰ বিৰুদ্ধে যুঁজৰ কথা উল্লেখ কৰি মোদীয়ে কয়, ২০০ কোটি কোৰোণা ভেকচিন দিয়া হৈছে। তালি আৰু থালি বজাই কোৰোণাক পৰাস্ত কৰিছে। ভাৰতত এতিয়া পুনৰ জাগৰণৰ সময়।

‘‘ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে। বিশ্বই এতিয়া ভাৰতৰ মুখলৈ চাই আছে। ভাৰতত এতিয়া তিনিটা শক্তিৰ পয়োভৰ। দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে। আগন্তুক ২৫ বছৰ বাবে ৫টা পণ ল’ব লাগিব। পণ ১ : বিকশিত ভাৰত, পণ ২ : ১০০ শতাংশ আজাদী, গোলামী মানসিকতা ত্যাগ, পণ ৩ : ঐতিহ্যক লৈ গৌৰৱ আৰু সন্মান প্ৰদৰ্শন, পণ ৪ : একতা আমাৰ ব্ৰত হ’ব লাগিব আৰু পণ ৫ : নাগৰিকৰ কৰ্তব্য পালনৰ আগ্ৰহ।’’ – ক’লে মোদীয়ে।

মোদীয়ে কয়, ‘‘স্বাধীনতাৰ ১০০ বছৰলৈ শ্বহীদৰ সপোন পূৰ্ণ হ’ব। দেশবাসীয়ে বুজিছে স্থিৰ চৰকাৰ এখনৰ মহত্ব। ভাৰতে নিজৰ পৰিচয়েৰে কাম কৰিব। আনৰ দৰে দেখিবলৈ প্ৰয়োজন নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গোলামীৰ মানসিকতা নাইকিয়া কৰিব। ভাৰতীয় জীৱনশৈলীৰ প্ৰতি আকৃষ্ট হৈছে বিশ্ব। প্ৰকৃতিৰ সৈতে মিলি জীয়াই থাকিব জানে ভাৰতে।’’

ভাৰতে বিশ্বক ‘বসুধৈৱ কুটুম্বকম’ মন্ত্ৰ দিছে বুলি উল্লেখ কৰি মোদীয়ে নিজৰ ভাষণত কয়, আমি নৈত মাতৃক দেখোঁ, নৰত নাৰায়ণ দেখোঁ। কোনো পৰ নহয়, সকলো আপোন। একতাৰ যি পাঠ ভাৰতে দিছে, তাক আগুৱাই নিব লাগিব। নাৰীৰ প্ৰতি সন্মান নাগৰিকৰ কৰ্তব্য। নাৰীক অপমান সহ্য কৰা নহ’ব।

ৰাষ্ট্ৰ নিৰ্মাণত নাগৰিকৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দিলে নতুন শ্লোগান।  ‘জয় জৱান’ শ্লোগানত সংযুক্ত ‘জয় বিজ্ঞান, জয় অনুসন্ধান’।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি