আজি দেশে উদযাপন কৰিছে ৭৫সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ভাষণত টকিঅ’ অলিম্পিকত পদক বিজয়ী খেলুৱৈসকলক উৎসাহ জনায়। মোদীয়ে কয়, ‘‘আহক আমি হাতচাপৰি বজাই অলিম্পিকত পদক বিজেতাসকলক জন্মান জনাওঁ। এই খেলুৱৈসকল দেশৰ গৌৰৱেই নহয়, তেওঁলোক আহিবলগীয়া প্ৰজন্মৰ বাবে মাৰ্গদৰ্শনো নিৰ্ধাৰণ কৰিছে।’’
মোদীয়ে কয়, ‘‘আমি স্বাধীনতাৰ উৎসৱ পালন কৰো, কিন্তু ভাগ–বটোৱাৰাৰ দুখে আজিও হিন্দুস্তানৰ বুকুত খুন্দা মাৰে। এয়া বিগত শতিকাৰ আটাইকৈ ডাঙৰ ট্ৰেজেডীৰ ভিতৰত এটা। এতিয়াৰ পৰা ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে স্মৰণ কৰা হ’ব।’’
প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰগতিৰ দিশত আগবঢ়া আমাৰ দেশৰ সন্মুখত, সমগ্ৰ মানৱজাতিৰ সন্মুখত কোৰোণাৰ কালৰূপ ডাঙৰ প্ৰত্যাহ্বান হিচাপে আহিছে। ভাৰতবাসীয়ে সংযম আৰু ধৈৰ্যৰ সৈতে এই যুঁজত যুঁজিছে। প্ৰতিখন দেশৰ বিকাশযাত্ৰাত এনেকুৱা এক সময় আহে, যেতিয়া সেই দেশে নিজকে নতুনকৈ সংজ্ঞায়িত কৰে, নিজকে নতুন সংকল্পৰ সৈতে আগবঢ়াই নিয়ে। ভাৰতৰ বিকাশ যাত্ৰাতো আজি সেই সময় আহি পৰিছে।
মোদীয়ে কয়, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৱেই হওক, দেশক একত্ৰিত ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰা চৰ্দাৰ পেটেলেই হওক বা ভাৰতক ভৱিষ্যতৰ পথ দেখুওৱা বাবাছাহেব আম্বেডকাৰ, দেশে এনেকুৱা প্ৰতিজন ব্যক্তিত্বক স্মৰণ কৰিছে, দেশ এই সকলোৰে ওপৰত ঋণী।
প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত আৰু কয় যে দেশক সলনি কৰিব লাগিব আৰু আমিও এগৰাকী নাগৰিক হিচাপে সলনি কৰিব লাগিব। সংকল্প তেতিয়ালৈকে আধৰুৱা হয়, যেতিয়ালৈ সংকল্পৰ সৈতে পৰিশ্ৰম আৰু পৰাক্ৰমৰ পৰকাস্থা নাথাকে। সেইবাবে আমি আমাৰ সকলো সংকল্পক পৰিশ্ৰম আৰু পৰাক্ৰমৰে সিদ্ধি কৰিব লাগিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, প্ৰগতিৰ পথত আগুৱাই যোৱা আমাৰ দেশৰ সন্মুখত, সমগ্ৰ মানৱ জাতিৰ সন্মুখত কোৰোণাৰ কালৰূপ এক প্ৰত্যাহ্বান। ভাৰতবাসীয়ে সংযম আৰু ধৈৰ্যৰে এই যুঁজত যুঁজ দিছে। কোৰোণা বৈশ্বিক মহামাৰীত আমাৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, চাফাই কৰ্মী, ভেকচিন প্ৰস্তুত কৰাত জড়িত বিজ্ঞানী, সেৱাত জড়িত নাগৰিক সকলো ধন্যবাদৰ পাত্ৰ। আজি বিশ্বৰ আটাইতকৈ ডাঙৰ ভেকচিন অভিযান ভাৰতত চলি আছে।
মোদীয়ে লগতে কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, এই বিশ্বাসেৰে আমি সকলো ঐক্যবদ্ধ হৈছো। আজি লালকিল্লাৰ পৰা মই আহ্বান জনাইছো – সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আমাৰ প্ৰতিটো লক্ষ্য প্ৰাপ্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ।
মোদীয়ে কয়, ১০০ শতাংশ গাঁৱত ৰাস্তা হওক। এক শতাংশ পৰিয়ালৰ ওচৰত বেংক একাউণ্ট হওক, এশ শতাংশ হিতাধিকাৰীৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড হওক। এশ শতাংশ লোকৰ হাতত উজ্জ্বলা যোজনাৰ গেছ সংযোগ হওক।
মোদীয়ে কয়, আজি উত্তৰ–পূৰ্বাঞ্চলত কানেক্টিভিটীৰ নতুন ইতিহাস লিখা হৈছে। এই সংযোগ হৃদয়ৰো আৰু আন্তঃগাঁথনিৰো। শীঘ্ৰে উত্তৰ–পূবৰ সকলো ৰাজ্যৰ ৰাজধানীক ৰে’লসেৱাৰে সংযুক্ত কৰাৰ কাম সম্পূৰ্ণ হ’ব। আমাৰ পূব ভাৰত, নৰ্থ ইষ্ট, জম্মু–কাশ্মীৰ, লাডাখসহ সম্পূৰ্ণ হিমালয়ৰ প্ৰান্তই হওক, আমাৰ কোষ্টেল বেল্ট বা আদিবাসী অঞ্চল হওক, এয়া ভৱিষ্যতত ভাৰতৰ বিকাশৰ আধাৰ হ’ব।
মোদীয়ে কয় যে আজি আমি গাঁওসমূহ দ্ৰুতগতিত আগবঢ়া দেখিছো। বিগত কিছু বছৰত গাঁৱলৈ ৰাস্তা আৰু বিজুলিৰ দৰে সুবিধা আগবঢ়োৱা হৈছে। এতিয়া গাঁওসমূহে অপ্টিকেল ফাইবাৰ নেটৱৰ্ক, ডাটাৰ শক্তি লাভ কৰিব। ইণ্টাৰনেট লাভ কৰিব। গাঁৱতো ডিজিটেল উদ্যোগী সৃষ্টি হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|