ভাৰতে স্বাধীনতাৰ ৭৫টা বৰ্ষ সম্পূৰ্ণ কৰা উপলক্ষে আজাদি কা অমৃত মহোৎসৱ পালন কৰিছে। ইয়াৰ লগতে, ‘হৰ ঘৰ তিৰঙ্গা’ নামৰ এক অভিযানো বৰ্তমান ভাৰতৰ চলি আছে। এই অনুষ্ঠানটো অধিক উলহমালহেৰে উদযাপন কৰিবলৈ, 'জয় হে ২.০' গানটো মুকলি কৰা হৈছিল, যাৰ বাবে আশা ভোছলে, কুমাৰ চানু আৰু হৰিহৰণকে আদি কৰি সমগ্ৰ দেশৰ ৭৫ জন শিল্পীয়ে দেশপ্ৰেমমূলক গীত 'জয় হে ২.০' গীতটি গাবলৈ একত্ৰিত হৈছে।
গায়কাৰ সৌৰেন্দ্ৰ মালিক আৰু সৌম্যজী দাস যি সৌৰেন্দ্ৰ–সৌম্যজী বুলি পৰিচিত, তেওঁলোকে ‘জয় হো ২.০’ ভাৰ্চনটো নিৰ্মাণ কৰিছে আৰু এই গীতটিত সুৰ দিছে আৰু ইয়াৰ নিৰ্দেশনাও কৰিছে। জানিব পৰা মতে, ‘জয় হো ২.০’ ১৯১১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা 'ভাৰত ভাগ্য বিধাতা' ওৰফে 'জন গণ মন'ৰ সম্পূৰ্ণ পাঁচটা শ্লোকৰ উপস্থাপনৰ এটা গীত। মনকৰিবলগীয়া কথা যে, এই গীতটো অম্বুজা নেওটিয়া গোটে উপস্থাপন কৰিছে যাৰ বাবে সমগ্ৰ দেশৰ ৭৫ জন বিখ্যাত গায়কে তেওঁলোকৰ সুমধুৰ কণ্ঠ স্বৰ দিছে।
![]()
এই গীতটিক আশে ভোচলে, আমজেদ আলি খান, হৰি প্ৰসাদ চৌৰচিয়া, হৰিহৰণ, ৰাশিদ খান, অজয় চক্ৰবৰ্তী, শুভা মুদ্ৰল, অৰুণ চাইৰাম, এল চুব্ৰমণ্যম, বিশ্ব মোহন, অনুপ জলোটা, পাৰবিন চুলতানা, কুমাৰ চানু, শিবমণি, বোম্বে জয়শ্ৰী, উদিত নাৰায়ণ, অলকা য়াগনিক, মোহিত চৌহান, চান, কৈলাশ খেৰ, সাধনা চৰগম, শান্তনু মৈইত্ৰা, পাপন আৰুবি. সেল্বগণেশসহ যুৱ গায়ক যেনে কৌশিক চক্ৰবৰ্তী, শ্ৰেয়া ঘোষাল, মহেশ কালে, আমান আলী বংগশ, টেটসো চিস্টৰ্চ, অমৃত ৰামনাথ, ঔংকাৰ ধুমল, ৰিদম শ্ব’আৰু অম্বী চুব্ৰমণ্যমেও নিজৰ আৱাজ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|