আজি দেশে পালন কৰিছে ৭২সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ আন কেন্দ্ৰীয় মন্ত্ৰী, ৰাহুল গান্ধী আৰু আন নেতাসকলে জনসাধাৰণক জনাইছে গণৰাজ্য দিৱসৰ শুভেচ্ছা। গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী দিল্লীত হ’বলগীয়া পেৰেডত প্ৰথমবাৰৰ বাবে ৰাফেল যুদ্ধ বিমানৰ উৰণৰ লগতে টি–৯০ টেংক, সমবিজয় ইলেকট্ৰনিক যুদ্ধ প্ৰণালী, সুখয়–৩০ এম কে আই যুদ্ধ বিমানৰ লগতে নিজৰ সৈন্য শক্তিৰ প্ৰদৰ্শন কৰা হ’ব।
দিল্লীৰ সীমাত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনৰ বিৰোধিতা কৰা কৃষক সংগঠনে আজি ট্ৰেক্টৰ পেৰেড উলিওৱাৰ সিদ্ধান্ত লৈছে। এনে অৱস্থাত গণৰাজ্য দিৱস সমাৰোহ আৰু কৃষকৰ প্ৰস্তাৱিত ট্ৰেক্টৰ পেৰেডলৈ ৰক্ষ্য ৰাখি ৰাজপথ আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। দিল্লীত প্ৰথমবাৰৰ বাবে বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
গণৰাজ্য দিৱসৰ দিনটোত পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেচনেল ৱাৰ মেম’ৰিয়েলত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিও সেনাৰ মুৰব্বীও উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|