পি ভি সিন্ধুক বিয়া পাতিবলৈ উদ্বাউল ৭০বছৰীয়া বয়োবৃদ্ধ, দিলে অপহৰণ কৰাৰ ভাবুকি!

জিলা উপায়ুক্তই সাপ্তাহিক মিটিঙত ৰাইজৰ পক্ষ শুনি থকাৰ সময়তে হাতত পি ভি সিন্ধুৰ এখন ফটো লৈ মলয়ছামীয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰে।

News18
Updated:September 18, 2019, 11:03 AM IST
পি ভি সিন্ধুক বিয়া পাতিবলৈ উদ্বাউল ৭০বছৰীয়া বয়োবৃদ্ধ, দিলে অপহৰণ কৰাৰ ভাবুকি!
ফটোঃছচিয়েল মিডিয়া
News18
Updated: September 18, 2019, 11:03 AM IST
তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ অনুৰাগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। পিছে এনে অনুৰাগীৰ মাজত এগৰাকী ৭০বছৰীয়া বয়োবৃদ্ধই চেৰালে সকলো সীমা! তামিলনাডুৰ ৰামনাথপুৰমৰ বাসিন্দা মলয়ছামীয়ে পি ভি সিন্ধুক বিয়া পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কেৱল আগ্ৰহ প্ৰকাশ কৰাই নহয়, জিলা উপায়ুক্তৰ সন্মুখত আৱেদন কৰি মলছামীয়ে চৰম বলিয়ালীৰ পৰিচয় দিবলৈও কুণ্ঠাবোধ কৰা নাই। ২৪বছৰীয়া সিন্ধুক বিয়া পাতিবলৈ তেওঁ খেলুৱৈগৰাকীক অপহৰণ কৰাৰ কথাও চৰকাৰী পক্ষক অৱগত কৰিছে!

ৰাষ্ট্ৰীয় ৱেবছাইট জনসত্বাৰ মতে, দৰাচলতে জিলা উপায়ুক্তই সাপ্তাহিক মিটিঙত ৰাইজৰ পক্ষ শুনি থকাৰ সময়তে হাতত পি ভি সিন্ধুৰ এখন ফটো লৈ মলয়ছামীয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰে।


ইমানেই নহয় মলয়ছামীয়ে নিজকে ১৬বছৰীয়া বুলি কৈ নিজৰ জন্ম তাৰিখ উল্লেখ কৰে ৪ এপ্ৰিল, ২০০৪! তেওঁৰ মতে, পি ভি সিন্ধুৰ কেৰিয়াৰ গ্ৰাফক লৈ তেওঁ যথেষ্ট সুখী আৰু সেইকাৰণে তেওঁ সিন্ধুক জীৱন সংগিনী হিচাপে পাব বিচাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি