உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সুৰাৰ ওপৰত ‘স্পেচিয়েল কোৰোণা কৰ’, আজিৰে পৰা পৰা এইখন ঠাইত সুৰাৰ ওপৰত ৭০ শতাংশ কৰ প্ৰযোজ্য

    সুৰাৰ ওপৰত ‘স্পেচিয়েল কোৰোণা কৰ’, আজিৰে পৰা পৰা এইখন ঠাইত সুৰাৰ ওপৰত ৭০ শতাংশ কৰ প্ৰযোজ্য

    সুৰাৰ দোকান সোমবাৰৰ পৰা খুলিছিল দেশত।

    সুৰাৰ দোকান সোমবাৰৰ পৰা খুলিছিল দেশত।

    সুৰাৰ দোকান সোমবাৰৰ পৰা খুলিছিল দেশত।

    • Share this:
    দিল্লীঃ সোমবাৰৰ পৰা সমগ্ৰ দেশত সুৰাৰ বিপণী খোলাৰ পিছতে ঠায়ে ঠায়ে অভূতপূৰ্ব ভিৰে উদ্বিগ্ন কৰিছিল বিভিন্নজনক। সেই উদ্বেগজনক ভিৰক ৰাজকোষ ভৰ্তি কৰাৰ উপায় হিচাপে গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। সেইমৰ্মে দিল্লীত আজিৰে পৰা সুৰাৰ ওপৰত বলৱৎ কৰা হৈছে বিশেষ কৰ। ইয়াক নাম দিয়া হৈছে ‘বিশেষ কোৰোণা কৰ’।

    মঙলবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা মূল দামৰ ওপৰত ৭০শতাংশ কৰ দিব লাগিব সুৰাৰ গ্ৰাহকে। ছপা আখৰত বটলৰ ওপৰত যি দাম MRP (maximum retail price) থাকে, কৰ দিব লাগিব তাৰ ৭০শতাংশ। মঙলবাৰৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিছে দিল্লী চৰকাৰে। নিশাই দিল্লী চৰকাৰে নটিফিকেশ্যন জাৰি কৰি এই নিয়ম কাৰ্যকৰী কৰে।



    এই নতুন কৰ বলৱৎ কৰাৰ পিছত ধৰা হওক কোনো মদৰ বটলৰ দাম যদি এহেজাৰ টকা তেনেহ’লে দিল্লীত এই বিশেষ কৰৰ কাৰণে দাম হ’ব ১৭০০ টকা।

    প্রায় ৪০ দিনৰ ব্যবধানত দিল্লীত বহুতো সুৰাৰ বিপণী খুলিছে। সোমবাৰে দোকান খোলাৰ পিছতে অত্যাধিক ভিৰ আৰু উৎসাহৰ কাৰণে বিভিন্ন বিপণী খৰটকীয়াকৈ বন্ধ কৰি দিবলগীয়া হয়। পূৱ দিল্লীত আনকি সুৰা নিবলৈ অহা জনতাক নিয়ন্ত্ৰণ কৰিবলৈ সামান্য লাঠীচাৰ্জো কৰিবলগীয়া হয় দিল্লী চৰকাৰে। কাৰণে কেজৰিৱালে পূৰ্বেই কৈছিল কোৰোণা ভাইৰাছৰ প্ৰকোপ আৰু লকডাউনৰ কাৰণে চৰকাৰৰ উপাৰ্জন হ্ৰাস পাইছে। এই প্ৰকাৰে কিছু হ’লেও সকাহ হ’ব ৰাজকোষৰ।
    First published: