পঞ্জাবৰ গুৰুদাসপুৰৰ বাটালাত বুধবাৰে এটা ফটকাৰ কাৰখানাত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ঘটনাত ২৩জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ২৭জন লোক। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ কেইবাকিলোমিটাৰ দূৰলৈ শুনা গৈছিল। বিস্ফোৰণৰ ফলত কাষতে থকা কেইবাটাও অট্টালিকাৰ লগতে কেইবাখনো বাহনৰ ক্ষতিসাধন হয়।
আৰক্ষীৰ মতে, ধ্বংসাৱশেষৰ মাজত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ আশংকা আছে। প্ৰথম অৱস্থাত প্ৰায় ৬০জন লোক ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছিল। ইয়াৰ ভিতৰত ৫২জন লোকক উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে।
পঞ্জাব চৰকাৰে মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহত লোকসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। সামান্যভাৱে আহত লোকসকললৈ ২৫ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
জানিব পৰা মতে, তিনি ভাতৃয়ে চলাইছিল এই কাৰখানাটো। ইয়াৰ ভিতৰত ৰমনদীপ সিং নামৰ এজনৰহে প্ৰাণ ৰক্ষা পৰে। বৰ্তমান পলাতক ৰমনদীপ সিং। ৰমনদীপৰ পৰিয়ালৰ ৭জনৰ মৃত্যু হয় এই বিস্ফোৰণত।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|