তামিলনাডুঃ মন্দিৰত ঠেলা–হেঁচা, ৪গৰাকী মহিলাসহ ৭জনৰ মৃত্যু

প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ, মৃতকৰ পৰিয়ালক ২ লাখ টকা দিয়াৰ ঘোষণা

news18assam
Updated:April 22, 2019, 8:50 AM IST
তামিলনাডুঃ মন্দিৰত ঠেলা–হেঁচা, ৪গৰাকী মহিলাসহ ৭জনৰ মৃত্যু
ফাইল ফটো
news18assam
Updated: April 22, 2019, 8:50 AM IST
তামিলনাডুৰ মুথিয়মপলয়ম গাঁৱত দেওবাৰে স্থানীয় মন্দিৰৰ উৎসৱৰ সময়ত ঠেলা–হেঁচাৰ সৃষ্টি হয়। এই ভিৰৰ মাজতে ৭গৰাকী ভক্তৰ মৃত্যু হয়। লগতে ১০জন ভক্ত আহত। আৰক্ষীৰ তথ্য অনুসৰি এই সমাৰোহত শতাধিক লোক উপস্থিত আছিল। প্ৰতি বছৰে ইয়াত এই সমাৰোহ উদযাপন কৰা হয় যাক কোৱা হয় পডীকছু। এই সমাৰোহত খুচুৰা পইচা বিতৰণ কৰা হয়।

পুৰোহিতে যেতিয়া খুচুৰা পইচাৰ বিতৰণ কৰিব ধৰিলে ভক্তৰ মাজত ঠেলা–হেঁচা আৰম্ভ হয়। এই ভিৰৰ মাজতে ৪গৰাকী মহিলাসহ ৭জনৰ থিতাতে মৃত্যু হয়। ১০ গৰাকী আহতক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।

খুচুৰা পইচা ৰাখিলে সমৃদ্ধি বৃদ্ধি হয়

মন্দিৰত পইচাৰ বিতৰণ কৰা এই অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত হয় আৰু ইয়াত ওচৰ–চুবুৰীয়া গাঁৱৰ বহু সংখ্যক লোকে উপস্থিত হয়। লোকবিশ্বাস অনুসৰি এই খুচুৰা পইচা লগত ৰাখিলে সমৃদ্ধি বৃদ্ধি হয়। জানিবলৈ দিয়া মতে মন্দিৰৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, পৰ্যাপ্ত নাছিল সুৰক্ষা কৰ্মীও আৰু লগেত কোনেও চেষ্টা কৰা নাছিল এই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ।

প্ৰধানমন্ত্ৰীয়ে দিলে সাহাৰ্য
ঘটনা সন্দৰ্ভত টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰে। লগতে তেওঁ মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতক ৫০ হাজাৰকৈ সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি