প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বছৰৰ প্ৰথম বিদেশ ভ্ৰমণৰ কাৰ্যসূচী নিৰূপণ কৰিছে। ২ মে'ৰ পৰা জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ তিনিদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৬৫ ঘণ্টা জুৰি ২৫টা ব্যস্ততাপূৰ্ণ সম্পন্ন কৰিব বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ৫০ জন 'Global Business Leaders'ৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও সাতখন দেশৰ আঠজন বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক তথা বহুপাক্ষিক বৈঠকত ভাগ ল'ব। সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জনায়। তেওঁ প্ৰৱাসী ভাৰতীয় সদস্যৰ সৈতেও বাৰ্তালাপ কৰিব।এই ভ্ৰমণ ইউক্ৰেইন সংকট চলি থকাৰ সময়তে হোৱাত বিশেষ চৰ্চা লাভ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানী আৰু ডেনমাৰ্কত এৰাতিকৈ কটাব আৰু দুটা ৰাতি বিমানত কটাব। পেৰিছত মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে আলোচনা কৰিব। যাকলৈও আগতীয়া চৰ্চা আৰম্ভ হৈছে।
বাৰ্লিনত প্ৰধানমন্ত্ৰীয়ে জাৰ্মানীৰ ফেডাৰেল চাঞ্চেলৰ ওলাফ শ্চোলজৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰিব আৰু দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ ষষ্ঠ সংস্কৰণৰ সহ-সভাপতিত্ব কৰিব, এমইএ-য়ে এক বিবৃতিত কৈছিল। যোৱা বছৰ ডিচেম্বৰত তেওঁৰ পূৰ্বসূৰী এঞ্জেলা মাৰ্কেলৰ পৰা শীৰ্ষ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা চাঞ্চেলৰ শ্চোলজৰ সৈতে এইটো মোদীৰ প্ৰথম বৈঠক হ'ব।
২০২১ চনত ভাৰত আৰু জাৰ্মানীয়ে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ স্মৰণ কৰে আৰু ২০০০ চনৰ পৰা কৌশলগত অংশীদাৰ হৈ আছে দুয়োখন দেশ। এই ভ্ৰমণ এক বিস্তৃত ক্ষেত্ৰত সহযোগিতা বৃদ্ধি আৰু তীব্ৰ কৰাৰ আৰু দুয়োখন চৰকাৰৰ বাবে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰাৰ এক সুযোগ হ'ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 01, 2022, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।