নতুন দিল্লী : ২৪ বছৰৰ আগতেই গাখীৰত পানী মিহলোৱাৰ অপৰাধত নিম্ন আদালতত দোষী সাব্যস্ত হোৱা এজন গোৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। তেওঁক দিয়া ৬ মাহৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশো পালন কৰিবলৈ কোৱা হৈছে।
ৰাজ কুমাৰে সংবিধানৰ অনুচ্ছেদ ১৪২ৰ অধীনত তেওঁ কৰা পুৰণি অপৰাধৰ ৰেহাই বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই অনুচ্ছেদৰ যোগেদি তেনে ক্ষমতা উচ্চতম ন্যায়ালয়ে বিচাৰিলে প্ৰয়োগ কৰিব পাৰে।
ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুৱে কুমাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ৰেহাই প্ৰদান কৰিলে আইনৰ লগত ধেমালি কৰা হ’ব বুলি মন্তব্য কৰে।
ভেজাল খাদ্য বিক্ৰী কৰাটো এটা গুৰুতৰ অপৰাধ আৰু আজি এই অপৰাধৰ দোষীক ৰেহাই দিলে কাইলৈ ইয়াৰ উদাহৰণ দি হত্যাকাৰী আৰু ধর্ষণকাৰী ৰেহাই বিচাৰি আহিব বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
উল্লেখযোগ্য যে ভেজাল খাদ্য প্ৰতিৰোধ আইনৰ অধীনত দোষী সাব্যস্ত হৈছিল ৰাজ কুমাৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|