নাৰকীয়! ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি স্কুল বেল্টেৰে ডিঙি চেপি নৃশংসভাৱে হত্যা

News18 Assam | News18-Assam
Updated:December 1, 2019, 6:03 PM IST
নাৰকীয়! ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি স্কুল বেল্টেৰে ডিঙি চেপি নৃশংসভাৱে হত্যা
শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। হত্যাৰ বলি হোৱা শিশুটি গাঁৱৰে এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। শনিবাৰে স্কুল ছুটীৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে।

শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। হত্যাৰ বলি হোৱা শিশুটি গাঁৱৰে এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। শনিবাৰে স্কুল ছুটীৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে।

  • Share this:
ৰাজস্থানৰ টোংক জিলাত সংঘটিত হৈছে এক নাৰকীয় ঘটনা। প্ৰায় ৬ বছৰীয়া এটি কণমানিক বলাৎকাৰ কৰাৰ পিছত স্কুল বেল্টেৰে ডিঙি চেপি হত্যা কৰে দুৰ্বৃত্তই। ঝন জংঘলৰ মাজত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জানিব পৰা মতে, শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। হত্যাৰ বলি হোৱা শিশুটি গাঁৱৰে এখন চৰকাৰী বিদ্যালয়ত পঢ়িছিল। শনিবাৰে স্কুল ছুটীৰ পিছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। বিচাৰ–খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল শিশুটিৰ। দেওবাৰে পুৱা গাঁৱৰ লোকে ঘন জংঘলৰ মাজত তেজেৰে লুতুৰি–পুটুৰি হৈ থকা মৃতদেহটো প্ৰত্যক্ষ কৰে। শিশুটিৰ ডিঙিল লাগি আছিল স্কুল বেল্ট। লগে লগে গাঁওবাসীয়ে খবৰ দিয়ে আৰক্ষীক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি