உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • মৃত্যুৰ পিছতো অংগ দানেৰে ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে! AIIMSৰ আটাইতকৈ কম বয়সীয়া অংগ দাতা হিচাপে পৰিগণিত হ'ল ৰোলি

    মৃত্যুৰ পিছতো অংগ দানেৰে ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে! AIIMSৰ আটাইতকৈ কম বয়সীয়া অংগ দাতা হিচাপে পৰিগণিত হ'ল ৰোলি

    ৰোলি প্ৰজাপতি নামৰ ছোৱালীজনীক নয়দাত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াইছিল। যাৰ পিছত কণমানিজনীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

    ৰোলি প্ৰজাপতি নামৰ ছোৱালীজনীক নয়দাত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াইছিল। যাৰ পিছত কণমানিজনীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

    ৰোলি প্ৰজাপতি নামৰ ছোৱালীজনীক নয়দাত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াইছিল। যাৰ পিছত কণমানিজনীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

    • Share this:
    নয়দাৰ এগৰাকী ৬ বছৰীয়া কণমানি আটাইতকৈ কমবয়সীয়া অংগ দাতা হিচাপে পৰিগণিত হৈছে। যোৱা ২৭ এপ্ৰিলত বন্দুকৰ গুলী কণমানিজনীৰ ব্ৰেইন ডেথ হোৱাৰ পিছত পিতৃ-মাতৃয়ে তাইৰ অংগ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত দান কৰে।

    ৰোলি প্ৰজাপতি নামৰ ছোৱালীজনীক নয়দাত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াইছিল। যাৰ পিছত কণমানিজনীক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। পিছত উন্নত চিকিৎসাৰ বাবে ২৭ এপ্ৰিলৰ মাজনিশা এইমছলৈ স্থানান্তৰ কৰা হৈছিল।

    ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা কথা-বতৰাত হাস্পতালখনৰ নিউৰোচাৰ্জাৰীৰ অধ্যাপক আৰু ট্ৰমা চেণ্টাৰৰ অংগ সংগ্ৰহ সেৱাৰ দায়িত্বত থকা ড০ দীপক গুপ্তাই কৈছিল যে, প্ৰতিষ্ঠানটোত উপস্থিত হোৱাৰ সময়ত শিশুটিৰ মগজুৰ গুৰুতৰ ক্ষতি হৈছিল আৰু এনেদৰে সহায়ক চিকিৎসা প্ৰদান কৰা হৈছিল।

    "তাইৰ ১২ ঘণ্টাৰ ব্যৱধানত বিভিন্ন পৰীক্ষা কৰা হৈছিল কিন্তু তাইৰ ব্ৰেইন ফেইল হোৱা দেখা গৈছিল। আমি পৰিয়ালটোৰ সৈতে কথা পাতিছিলো আৰু অংগ দানৰ বিকল্পৰ পৰামৰ্শ দিছিলো, যিটো তেওঁলোকে সন্মতি দিছিল।"- এনেদৰে কয় ডা০ গুপ্তাই।

    পিতৃ-মাতৃয়ে সন্মতি প্ৰদান কৰাৰ পিছতে ৰোলী চিকিৎসালয়ৰ ইতিহাসৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হোৱাৰ লগতে আন পাঁচটা শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। দান কৰা অংগবোৰৰ আৱণ্টন ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই (নোটো) কৰিছিল। ৰোলিৰ যকৃত লক্ষ্ণৌৰ এটা সাত বছৰীয়া শিশুৰ দেহত সংৰোপণ কৰা হৈছিল আৰু বৃক্ক এটি ১২ বছৰীয়া শিশুৰ দেহত সংৰোপণ কৰা হৈছিল।
    Published by:Himangshu Bhuyan
    First published: