মুখ্যপৃষ্ঠা »খবৰ »দেশ »CAA : এই বছৰো দেশত প্ৰযোজ্য নহয় CAA, বিধি প্ৰস্তুত কৰিবলৈ কেন্দ্রক লাগে ৬ মাহৰ অতিৰিক্ত সময় 

CAA : এই বছৰো দেশত প্ৰযোজ্য নহয় CAA, বিধি প্ৰস্তুত কৰিবলৈ কেন্দ্রক লাগে ৬ মাহৰ অতিৰিক্ত সময় 

২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে আইনখন সংসদত গৃহীত হৈছিল। ১০ জানুৱাৰী ২০২০ৰ পৰা দেশত এই আইন বলৱতৰ ৰাজপত্ৰিত জাননী প্রকাশ পাইছিল।

২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে আইনখন সংসদত গৃহীত হৈছিল। ১০ জানুৱাৰী ২০২০ৰ পৰা দেশত এই আইন বলৱতৰ ৰাজপত্ৰিত জাননী প্রকাশ পাইছিল।

২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে আইনখন সংসদত গৃহীত হৈছিল। ১০ জানুৱাৰী ২০২০ৰ পৰা দেশত এই আইন বলৱতৰ ৰাজপত্ৰিত জাননী প্রকাশ পাইছিল।

  • Share this:
২০২১ বৰ্ষতো দেশত বলৱত নহয় নাগৰিকত্ব সংশোধনী আইন, ২০১৯।  নাগৰিকত্ব সংশোধনী আইন ২০১৯ বা Citizenship Amendment Act, 2019 চমুকৈ CAAৰ বিধি প্রস্তুত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিচাৰিছে ৬ মাহৰ অতিৰিক্ত সময়। জানুৱাৰী ১০, ২০২২ লৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদীয় কমিটীৰ পৰা বিচাৰিছে অতিৰিক্ত সময়।

উল্লেখযোগ্য যে, লোকসভা আৰু ৰাজ্যসভাৰ Committee on Subordinate Legislationৰ নিৰীক্ষণত আইন এখন কাৰ্যকৰী কৰাৰ দায়িত্বত থকা মন্ত্ৰণালয়ে প্ৰয়োজনীয় বিধিসমূহ প্ৰস্তুত কৰি উলিয়ায়। কিছুমান আইন স্ব-কাৰ্যকৰী হোৱাৰ বিপৰীতে CAA স্ব-কাৰ্যকৰী আইন নহয়, সম্বন্ধীয় কিছু নিয়ম প্ৰণয়ন কৰিহে আইনখন কাৰ্যকৰী কৰিব পৰা যায়।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আজি লোকসভাৰ মজিয়াত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৬ মাহৰ অতিৰিক্ত সময় বিচৰাৰ তথ্য সদৰী কৰে। উল্লেখযোগ্য যে, ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে আইনখন সংসদত গৃহীত হৈছিল। ১০ জানুৱাৰী ২০২০ৰ পৰা দেশত এই আইন বলৱতৰ ৰাজপত্ৰিত জাননী প্রকাশ পাইছিল। আইন গৃহীত হোৱাৰ ডেৰ বছৰৰ পিছতো কেন্দ্ৰই কাৰ্যকৰী কৰিব পৰা নাই।

নিয়ম অনুসৰি, গৃহ মন্ত্ৰণালয়ে বিধি প্ৰস্তুত কৰি সংসদীয় কমিটীত দাখিল কৰিব লাগে। কমিটীৰ অনুমোদনৰ অন্তত সেই বিধি কাৰ্যকৰী হয়। আগতেও দুবাৰ গৃহ মন্ত্ৰণালয়ে কমিটী পৰা অতিৰিক্ত সময় বিচাৰিছিল।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমকে ধৰি দেশত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত হৈছিল। আইনখনৰ যোগেদি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘু লোক ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে স্বদেশত ধৰ্মীয় অত্যাচাৰৰ বলি হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে, সেই সকলক নাগৰিকত্ব প্রদান কৰাৰ বিধান আছে। আইনখনে অসম চুক্তিৰ অৱমাননা কৰাৰ কাৰণে অসমত মূলতঃ প্ৰতিবাদ হোৱাৰ বিপৰীতে দেশৰ অন্য প্ৰান্তত এই আইন সংবিধানৰ পৰিপন্থী বুলি প্ৰতিবাদ সাব্যস্ত হৈছিল।

শেহতীয়া বাতৰি