অন্ধ্ৰ প্ৰদেশত সোমবাৰে নিশা শ্ৰীকাকুলাম জিলাৰ কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত ৬জন লোক নিহত হয়। আৰক্ষীয়ে দিয়া তথ্য মতে, বাটুৱা গাঁৱত কাৰিকৰী সমস্যাৰ বাবে ৰে'লখন ৰৈ যোৱাৰ সময়ত গুৱাহাটী অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কিছুযাত্ৰী ৰে'ল পথত নামি আহিছিল।
কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছে (Konark Express) ছজন লোকক খুন্দা মাৰে। ফলত ঘটনাস্থলীতে নিহত হয় লোককেইজন (Train Accident in Andhra Pradesh)।
মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ জিলা কৰ্তৃপক্ষক সাহায্যৰ কাম আৰম্ভ কৰিবলৈ আৰু আহতসকলক উপযুক্ত চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|