মধ্য প্ৰদেশৰ ৰায়সেন জিলাত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ছিগন নদীত। এই দুৰ্ঘটনাত ৬জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৯জন। দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে নদীগ বাগৰি পৰাৰ সন্দেহ কৰা হৈছে।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত চলায় উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী হাস্পতালত। একাংশ লোকৰ মতে, চালকৰ টোপনি অহাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
Madhya Pradesh: 6 people killed, 19 injured after a bus fell into a river in Raisen, last night; injured being treated at a local hospital pic.twitter.com/51qB8le8hY