• Home
  • »
  • News
  • »
  • nation
  • »
  • ৬ ফুট দীঘল কিং কোব্ৰাই গিলিলে আন এডাল সাপ, তাৰ পিছত কি হ’ল চাওক, ইণ্টাৰনেটত ধুমুহাৰ গতিত ভাইৰেল এই ভিডিঅ’

৬ ফুট দীঘল কিং কোব্ৰাই গিলিলে আন এডাল সাপ, তাৰ পিছত কি হ’ল চাওক, ইণ্টাৰনেটত ধুমুহাৰ গতিত ভাইৰেল এই ভিডিঅ’

ফেঁটী সাপডালে ইতিমধ্যে আনটো সাপ গিলি পেলাইছিল। ৬ ফুট দীঘল সাপডাল উদ্ধাৰৰ চেষ্টা চলাওঁতেই গিলি পেলোৱা সাপডাল বমি কৰি উলিয়াই দিয়ে।

  • Share this:
সকলো সৰীসৃপৰ ভিতৰত সাপ আটাইতকৈ ভয়ংকৰ। শেহতীয়াকৈ ওড়িশাৰ বাংকি অধিকৃত এলেকাৰ ১৫নং ৱাৰ্ডত বানপানীৰ পানী প্ৰৱেশ কৰাৰ পিছতে এক অদ্ভুত ঘটনা দেখা গৈছে। এডাল কিং কোব্ৰাই আন এটা সাপ গিলি থকা দেখি আতংকিত হৈ পৰে স্থানীয় ৰাইজ। পিছত গাঁওবাসীয়ে সৰ্প উদ্ধাৰৰ হেল্পলাইনৰ নম্বৰত যোগাযোগ কৰে।

ফেঁটী সাপডালে ইতিমধ্যে আনটো সাপ গিলি পেলাইছিল। ৬ ফুট দীঘল সাপডাল উদ্ধাৰৰ চেষ্টা চলাওঁতেই গিলি পেলোৱা সাপডাল বমি কৰি উলিয়াই দিয়ে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল কিং কোব্ৰাৰ পেটৰ পৰা ওলাই অহাৰ পিছতো জীয়াই আছিল আন সাপডাল। সাপ দুটাক উদ্ধাৰ কৰাৰ পিছত গাঁৱৰ পৰা আঁতৰত থকা প্ৰাকৃতিক বাসস্থানত মুকলি কৰি দিয়া হয়।

Snake Helplineৰ মতে, দুটা কাৰণত এটা সাপে আন এটা সাপ গিলি পেলায়। ইয়াৰে এটা হ’ল ভোক আৰু আনটো হ’ল ভয়। তীব্ৰ ভোকৰ বাবে এটা সাপে আন এটা সাপক নিজৰ খাদ্য হিচাপে খায়। আনহাতে, নিজকে ৰক্ষা কৰিবলৈও সাপে আন এটা সাপ গিলি পেলায়।
Published by:Sanjay Kumar Das
First published: