মৰ্মান্তিক! মেঘালয়ৰ কয়লা খনিত জীৱন্তে সমাধিস্থ অসমৰ ৬ শ্ৰমিক

দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লৈছে অসমৰ ৬ জন শ্ৰমিকে।
দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লৈছে অসমৰ ৬ জন শ্ৰমিকে।
- News18 Assam
- Last Updated: January 22, 2021, 6:00 PM IST
মৃত শ্ৰমিক কেইজনৰ নাম ক্ৰমে, জিলালুদ্দিন (২৫), দিলৱাৰ হুছেইন (৩৫), দুই ভাতৃ আলী হুছেইন (৪০), মকবুল হুছেইন বুলি জানিব পৰা গৈছে। আনহাতে শিলচৰৰ আব্দুল ছাবুৰ (৩২) নামৰ শ্ৰমিকজনৰো মৃত্যু হৈছে কয়লা খনিত।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা শ্ৰমিকসকল কয়লা খনিত আবদ্ধ হৈ জীৱন্তে সমাধিস্থ হৈছিল। পিছত কয়লা খনিৰ মালিকে শ্ৰমিক সকল বাংলাদেশী বুলি মন্তব্য কৰি সমাধিস্থ শ্ৰমিক সকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল অভিযোগ উত্থাপিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শ্ৰমিক সকলৰ মৃতদেহ উদ্ধাৰ কৰে।