চীনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰই। TikTok, Shareitসহ ৫৯টা চীনা এপ নিষিদ্ধ কৰা হ’ল ভাৰতত। কেন্দ্ৰীয় চৰকাৰে জনাইছে, ‘এই এপসমূহ ভাৰতৰ ঐক্যতা, সাৰ্বভৌমত্ব, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ক্ষতিকাৰক।’
এই ৫৯টা এপৰ ভিতৰত আছে TikTok, Shareit, Kwai, UC Browser, Baidu mapসহ বহুকেইটা তথাকথিত জনপ্ৰিয় এপ। কি কি এপ নিষিদ্ধ হ’ল ভাৰতত? চাওক সম্পূৰ্ণ তালিকা।
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ এক বিবৃতিত জনোৱা হৈছে – ১৩০ কোটি ভাৰতীয়ৰ তথ্য সুৰক্ষা আৰু ব্যক্তিগত গোপনীয়তা ৰক্ষাক লৈ প্ৰশ্ন উঠিছিল। দেশৰ ঐক্যতা, সাৰ্বভৌমত্বৰ ক্ষেত্ৰতো এই এপসমূহ ক্ষতিকাৰক।
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়লৈ একাধিক অভিযোগ আহিছে। বহু এনড্ৰইড আৰু iOS ব্যৱহাৰকাৰীৰ ক্ষেত্ৰতো দেখা গৈছে যে তেওঁলোকৰ ব্যক্তিগত তথ্য চুৰি কৰা হৈছে। তেওঁলোকৰ অজানিতেই এই সকলো তথ্য দেশৰ বাহিৰলৈ গৈছে। সেয়েহে এই এপসমূহ নিষিদ্ধ কৰা হ’ল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|