সীমান্তত বৃদ্ধি পাইছে ভাৰত-চীনৰ মাজত উত্তেজনা। চলিছে যুদ্ধ সদৃশ পৰিস্থিতি। তাৰ মাজতে ভাৰত চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। চীনৰ প্ৰায় ৫৯টা এপ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ইয়াৰ ভিতৰত আছে জনপ্ৰিয় এপ TIKTOK।
সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে, ভাৰতীয়লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। কাৰণ এনে ধৰণৰ চাইনীজ এপ থাকিলে তথ্য হৰলুকি হোৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে ধৰণৰ এপৰ পৰা বিৰত থকাই উচিত।
ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা চাইনীজ এপ সমূহ হৈছে-
টিকটক, শ্বেয়াৰ ইট, কে.ৱাই, ভল্ট হাইড, ইউ চি ব্ৰাউজাৰ, বাইড’ মেপ, Shein, Clash of Kings, DU Battery Saver, হেল্ল’, লাইকী, ইউকেম মেকআপ, এম আই কমিউনীটি, চিএম ব্ৰাউজাৰ, ভাইৰাছ ক্লীনাৰ, জেনদাৰ, আপ’চ ব্ৰাউজাৰ, ৰ’মৱে, ক্লাব ফেক্টৰী, বিউটী প্লাচ, ৱেইব’, কিউ কিউ মেইল, বিগ’ লাইভ, মেইল মাষ্টাৰ, এম আই ক’ল, উই মিট, ক্লীন মাষ্টাৰ আদি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|