Viral Video: আশ্চৰ্যৰ কথাটো হৈছে এই দলটোৱে পৰ্বতাৰোহণৰ কোনো বিশেষ সজুলি ব্যৱহাৰ নকৰাকৈয়ে কাৰঝোক কাংগ্ৰী শৃংগটোত আৰোহণ কৰিছে।
Viral Video: আশ্চৰ্যৰ কথাটো হৈছে এই দলটোৱে পৰ্বতাৰোহণৰ কোনো বিশেষ সজুলি ব্যৱহাৰ নকৰাকৈয়ে কাৰঝোক কাংগ্ৰী শৃংগটোত আৰোহণ কৰিছে।
ITBPৰ কমাণ্ডেণ্ট ৰতন সিং সোণাল (Commandant Ratan Singh Sonal)ৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত খুউব ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো আজি পুৱা টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে। ভিডিঅ'টোত ১৭,৫০০ ফুট উচ্চতাত মাইনাছ ৩০ ডিগ্ৰী ছেলচিয়াছ বৰফৰ মাজত এবাৰতে ৬৫টা পুশ্বআপ কৰি সকলোকে স্তম্ভিত কৰি তুলিছে।
উল্লেখ্য যে Indo-Tibetan Border Policeৰ এটা ৬ জনীয়া দলে কমাণ্ডেণ্ট ৰতন সিং সোণালৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে হিমালয় (Himalaya) পৰ্বতৰ কাৰঝোক কাংগ্ৰী (Mount Karzok Kangri) শৃংগত আৰোহণ কৰিছে। ২০,১৭৭ ফুট উচ্চতাত থকা শৃংগটোত আৰোহণ কৰাৰ পিছতে এই ভিডিঅ'টো শ্বেয়াৰ কৰা হয়।
আশ্চৰ্যৰ কথাটো হৈছে এই দলটোৱে পৰ্বতাৰোহণৰ কোনো বিশেষ সজুলি ব্যৱহাৰ নকৰাকৈয়ে শৃংগটোত আৰোহণ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|