শতাধিক জাতি জনগোষ্ঠীৰে ভৰপূৰ অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ অন্যতম বৃহৎ জনগোষ্ঠী হল নক্তে জনগোষ্ঠী (Nocte tribe)। মূলত তিৰাপ (Tirap) জিলাত বসবাস কৰা এই জনগোষ্ঠীটোৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ হল চল' লকু (Chalo Loku)। এতিয়াও নিজৰ সংস্কৃতি আৰু কৃষ্টি সভ্যতাক জীয়াই ৰাখিবলৈ সক্ষম হোৱা এই জনগোষ্ঠীটোৱে কৃষি চপোৱাৰ পিছত উদযাপন কৰে এই উৎসৱৰ। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ ২৫ তাৰিখে খুনচাৰ নেহেৰু ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে বিভিন্ন গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক দলসমূহৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰে এই উৎসৱ। সেই অনুসৰি এইবাৰো নেহেৰু ষ্টেডিয়াম (Nehru Stadium)ত অনুষ্ঠিত হয় চল' লকু।
চল' লকু (Chalo Loku)ৰ দিনাই জনগোষ্ঠীটোৰ মুঠ ৫৫ জন চিকাৰী (Hunter)য়ে অৰুণাচল প্ৰদেশৰ বন তথা পৰিবেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক অজিং তাছিঙৰ উপস্থিতিত চিকাৰ কৰাৰ পৰম্পৰা বাদ দিয়াৰ সংকল্প লৈ বনমন্ত্ৰী গৰাকীৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে নিজৰ নিজৰ বন্দুক তথা চিকাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ (Arms Surrender)। জনগোষ্ঠীটোৰ লোকসকলে প্ৰকৃতিপ্ৰেমৰ প্ৰতি দেখুওৱা এনে অকৃত্ৰিম ভালপোৱাত স্বাভাৱিকতে আহ্লাদিত হৈ পৰে বনমন্ত্ৰী গৰাকী। এই কাৰ্যই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সুষমাৰে আৱৰা তিৰাপ জিলাৰ খুনচালৈ দেশী-বিদেশী পৰ্যটক (Tourist)ৰ আগমনৰ সংখ্যাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যতো এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উৎসৱত অৰুণাচল প্ৰদেশৰ বন তথা পৰিবেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক অজিঙ তাছিংৰ উপস্থিতিত ৰূপায়ন কৰা হয় বৰ্ণিল সাংস্কৃতিক কায্যসূচীৰ। য'ত বিশিষ্ট তথা আমন্ত্ৰিত ব্যক্তিসকলে নক্তে জনগোষ্ঠীৰ কৃষ্টি সভ্যতা তথা সংস্কৃতিৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ জগত সভালৈ এইবোৰক আগুৱাই নিয়াৰ পোষকতা কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|