মেকআপ কৰি বয়স লুকুৱাই এগৰাকী মহিলা আবদ্ধ হয় বিবাহত আৰু শহুৰেকৰ ঘৰৰ ওপৰত চলাই ৰাজ। তৃতীয়বাৰৰ বাবে বিয়া হোৱা মহিলাগৰাকীয়ে বিউটি পাৰ্লাৰলৈ গৈ নিজকে এগৰাকী ৩০ বছৰীয়া ছোৱালীৰ দৰে সজাই প্ৰৱঞ্চনা কৰে দৰাক। কিন্তু তেওঁৰ বয়স আছিল ৫৪।
এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত। মেকআপৰ জোৰ ইমানেই আছিল যে কইনাৰ ঘৰে কইনাৰ বয়স ৩০ বুলি কোৱাৰ পিছতো দৰাৰ ঘৰৰ মানুহে আনকি অনুভৱ কৰিছিল তেওঁ ২৪ বছৰীয়া এগৰাকী যুৱতী।
বিবাহ বিচ্ছেদ হোৱা দৰাৰ পুনৰ বিলৈ
ঘটনা অনুসৰি, তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ বাসিন্দা ইন্দ্ৰাণীয়ে তেওঁৰ বিবাহ বিচ্ছেদ হোৱা পুত্ৰৰ বাবে কইনা বিচাৰি আছিল। তেওঁ ছয় বছৰ ধৰি কইনা বিচাৰি আছিল। অৱশেষত এগৰাকী ঘটকৰ সহায়ত তেওঁ বিচাৰি পায় কইনা। কইনা আছিল অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ শৰণ্যা (Andhra Pradesh Con-woman)।
ফোনত কথা-বতৰা পতাৰ পিছত পছন্দ হৈছিল কইনা। ইন্দ্ৰাণীয়ে দিন-বাৰ চাবলৈ কইনাৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লয়। কইনাৰ ঘৰক তেওঁলোকে কথাটো অৱগত কৰে।
ইফালে, ঘটকে ত্ৰিশ বছৰ বয়সৰ এগৰাকী যুৱতী হিচাপে পৰিচয় কৰাই দিয়াত শৰণ্যাই দৰাৰ ঘৰৰ মানুহে বয়স ধৰিব নোৱৰাৰ বাবে পাৰ্লাৰলৈ গৈ মেকআপ কৰে আৰু ত্ৰিশ বছৰ বয়সৰ এগৰাকী যুৱতীৰ দৰে নিজকে সজাই লয়।
![]()
শেষত ইন্দ্ৰাণীৰ পুত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ কেইদিনমানৰ পিছতে সমস্যাটো আৰম্ভ হ'ল। শৰণ্যাই তাইৰ শাহু আৰু স্বামীৰ ওপৰত সম্পত্তিখিনি তাইৰ নামত লিখিবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে (Saranya started harassing her husband and mother-in-law)। তেওঁ আনকি ইন্দ্ৰাণীক ঘৰৰ পৰা বাহিৰ লৈ গৈছিল। পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি স্বামীয়ে জেদী শৰণ্যাৰ নামতে সম্পত্তিৰ নামজাৰি কৰিবলৈ বিচাৰে আধাৰ কাৰ্ড।
আধাৰ কাৰ্ডত বিতং তথ্য
ইন্দ্ৰাণীৰ পুত্ৰই হাতত পত্নীৰ আধাৰ কাৰ্ড পোৱাৰ পিছতে হতবাক হৈছিল। পত্নীৰ বয়স আৰু পত্নীৰ অভিভাৱক ৰূপে আছে তেওঁৰ স্থানত ৰবি নামৰ এজন মানুহৰ নাম। কিবা ভুল হৈছে বুলি অনুভৱ কৰি ইন্দ্ৰাণীৰ পুত্ৰই কাষ চাপে আৰক্ষীৰ।
আৰক্ষীয়ে শৰণ্যাৰ নামত পোৱা অভিযোগৰ এটা তদন্ত আৰম্ভ কৰে। আৰু অনুসন্ধানত আচৰিত তথ্য ওলায়। আধাৰ কাৰ্ডত থকা ৰবি প্ৰকৃততে শৰণ্যাৰ স্বামী। শৰণ্যাৰ দুগৰাকী ছোৱালীও আছে, যাৰ বিয়াও হৈছে। স্বামীৰ পৰা আঁতৰি মাকৰ ওচৰলৈ ঘূৰি অহা শৰণ্যাই ১০ লাখ টকা লয় যদিও বিত্তীয় সংকট নাইকিয়া হোৱা নাছিল।
৫৪ বছৰীয়া শৰণ্যাক আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ
ইয়াৰ পিছত তেওঁ ঘটকৰ জৰিয়তে বিবাহ বিচ্ছেদ হোৱা দৰা বিচাৰিবলৈ আৰম্ভ কৰিছিল। সুব্ৰমন্যম নামৰ এজন মানুহো বিচাৰি পাইছিল। শৰণ্যাই নিজকে সন্ধ্যা বুলি পৰিচয় দিছিল। সুব্ৰমনিয়ামক বিয়া কৰাই ১১ বছৰৰ পিছত কৰোনা মহামাৰীৰ (Covid-19 pandemic ) সময়ত তেওঁ স্বামীৰ ঘৰ এৰি মাকৰ ওচৰলৈ ঘূৰি আহে। তাৰ পিছত বিচাৰি পায় ইন্দ্ৰাণীৰ পুত্ৰক। আৰক্ষীয়ে ইতিমধ্যে আধাৰ কাৰ্ড অনুসৰি ৫৪ বছৰীয়া শৰণ্যাক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|