ৰাজপথত টকাৰ বৰষুণ, বিল্ডিঙৰ ওপৰৰ পৰা পৰিছে ৫০০–২০০০ টকীয়া নোট, চাওক VIDEO

News18-Assam
Updated:November 21, 2019, 9:55 AM IST
ৰাজপথত টকাৰ বৰষুণ, বিল্ডিঙৰ ওপৰৰ পৰা পৰিছে ৫০০–২০০০ টকীয়া নোট, চাওক VIDEO
DRIৰ দল কাৰ্যালয়টোত প্ৰৱেশ কৰাৰ পূৰ্বে কৰ্মচাৰীয়ে বাথৰুমৰ খিৰিকীৰে এইদৰে তললৈ পেলাই দিয়ে বহু পৰিমাণৰ টকা।

DRIৰ দল কাৰ্যালয়টোত প্ৰৱেশ কৰাৰ পূৰ্বে কৰ্মচাৰীয়ে বাথৰুমৰ খিৰিকীৰে এইদৰে তললৈ পেলাই দিয়ে বহু পৰিমাণৰ টকা।

  • Share this:
পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ বেণ্টিক ষ্ট্ৰীটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা বিল্ডিঙৰ ওপৰৰ পৰা সৰিছে ১০০, ২০০, ৫০০ আৰু ২০০০ টকীয়া নোট। টকা বুটলিবলৈ হেতা–ওপৰা লগালে সেই স্থানত উপস্থিত থকা একাংশ লোকে। যিয়ে যিমান পাৰিছে টকা বুটলি উধাও হৈছে সেই স্থানৰ পৰা।

২৭নং বেণ্টিক ষ্ট্ৰীটস্থিত কমাৰ্চিয়েল বিল্ডিং এম কে পইণ্টৰ পঞ্চম মহলাৰ এটা কোম্পানীৰ কাৰ্যালয়ৰ পৰা খিৰিকীৰে পেলাই দিয়া হৈছিল এই নোটসমূহ। সূত্ৰ অনুসৰি, DRI–এ এই কোম্পানীটোত অভিযান চলাইছিল। অবৈধভাৱে ধনৰ লেনদেনৰ অভিযোগত কাৰ্যালয়টোত অভিযান চলাবলৈ গৈছিল DRIৰ দল।


DRIৰ দল কাৰ্যালয়টোত প্ৰৱেশ কৰাৰ পূৰ্বে কৰ্মচাৰীয়ে বাথৰুমৰ খিৰিকীৰে এইদৰে তললৈ পেলাই দিয়ে বহু পৰিমাণৰ টকা। জানিব পৰা মতে, পথৰ পৰা কলকাতা আৰক্ষীয়ে জব্দ কৰিছে ৩ লাখ ৭৪ হাজাৰ টকা। কোম্পানীটোৰ স্বত্বাধিকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি