অবৈধ প্ৰেমিকৰ সৈতে বিচনাত নগ্ন অৱস্থাত পত্নী! ভাইৰেল ভিডিঅ’ দেখিলে স্বামীয়ে! কৰুণ পৰিণতি!

News18 Assam | News18-Assam
Updated:November 6, 2020, 8:59 PM IST
অবৈধ প্ৰেমিকৰ সৈতে বিচনাত নগ্ন অৱস্থাত পত্নী! ভাইৰেল ভিডিঅ’ দেখিলে স্বামীয়ে! কৰুণ পৰিণতি!
ইউনুছ আৰু তেওঁৰ পত্নী নাছৰীণৰ আছে তিনিটা সন্তান

ইউনুছ আৰু তেওঁৰ পত্নী নাছৰীণৰ আছে তিনিটা সন্তান

  • Share this:
কোৰোণাৰ ফলত স্তব্ধ সমগ্ৰ দেশ। তাৰ মাজতে সংঘটিত হৈছে বহু অপৰাধজনিত ঘটনা। বাঢ়িছে হত্যা, হিংসা, পৰকীয়া প্ৰেমৰ দৰে ঘটনা। পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি এইবাৰ পত্নীক হত্যা কৰিলে স্বামীয়ে। মহাৰাষ্ট্ৰৰ থানাত এক গোচৰ ৰুজু হোৱাৰ পিছতে সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। স্ত্ৰীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ ৫০ বছৰীয়া স্বামীৰ বিৰুদ্ধে।

সম্প্ৰতি ছচিয়েল মিডিয়াত পত্নী আৰু পৰকীয়া প্ৰেমিকৰ নিবিড় মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পিছতে পত্নীক হত্যা কৰে স্বামী ইউনুছে। ইয়াৰ পিছতে নিজে থানাত আত্মসমৰ্পণ কৰে। মৃত পত্নীৰ নাম নাছৰীণ। ইউনুছ আৰু তেওঁৰ পত্নী নাছৰীণৰ তিনিটা সন্তান আছে।

মাৰ্চ মাহত কোৰোণা সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি ল’ক ডাউন ঘোষণা কৰা হৈছিল। সেই সময়তে চাকৰি হেৰুৱাই ইউনুছে। স্বামীৰ চাকৰি যোৱাৰ পিছত চলিবলৈ অসুবিধা হোৱাৰ অজুহাতত মাকৰ ঘৰলৈ যায় পত্নী নাছৰীণ। তিনিটা সন্তানৰ সৈতে নাছৰীণে নিজৰ মাকৰ ঘৰতে থাকিবলৈ লয়। ইয়াৰ পিছতে ঘটনাই অন্য মূৰ লয়। ছাদ্দাম নামৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আৰম্ভ হয় নাছৰীণৰ। দুয়োজনৰ মাজত গঢ়ি উঠে শাৰীৰিক সম্পৰ্ক। ইয়াৰ পিছতে দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হয়। নাছৰীণৰ প্ৰেমিক ছাদ্দামে ভিডিঅ’টো ভাইৰেল কৰে ছচিয়েল মিডিয়াত।

এই ভিডিঅ’ দেখে স্বামী ইউনুছে। আৰু পত্নীক লগ কৰিবলৈ লগে লগে নগাঁৱলৈ ৰাওনা হয়। সেইসময়তে দুয়োজনৰ মাজত এই ঘটনাক লৈ তৰ্কা-তৰ্কিৰ আৰম্ভ হয়। আৰু খঙত অগ্নিশৰ্মা হৈ পত্নীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে। আৰু থানাত আত্মসমৰ্পণ কৰে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Published by: Himangshu Bhuyan
First published: November 6, 2020, 8:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি