• Home
  • »
  • News
  • »
  • nation
  • »
  • ৫০শতাংশ আসন, ডিচপ’জেবল মেনু আৰু কি কি? সোমবাৰৰ পৰা ৰেষ্টুৰেণ্ট খুলিব, মানিব লাগিব এইসমূহ নিয়ম

৫০শতাংশ আসন, ডিচপ’জেবল মেনু আৰু কি কি? সোমবাৰৰ পৰা ৰেষ্টুৰেণ্ট খুলিব, মানিব লাগিব এইসমূহ নিয়ম

বহুকেইটা নিয়ম, কেৱল ৰেষ্টুৰেণ্টেই নহয় আপুনিও মানি চলিব লাগিব। যেনেকৈ মাস্ক নিপিন্ধাকৈ গ’ল ৰেষ্টুৰেণ্টত সোমাব নোৱাৰিব আপুনি।

বহুকেইটা নিয়ম, কেৱল ৰেষ্টুৰেণ্টেই নহয় আপুনিও মানি চলিব লাগিব। যেনেকৈ মাস্ক নিপিন্ধাকৈ গ’ল ৰেষ্টুৰেণ্টত সোমাব নোৱাৰিব আপুনি।

বহুকেইটা নিয়ম, কেৱল ৰেষ্টুৰেণ্টেই নহয় আপুনিও মানি চলিব লাগিব। যেনেকৈ মাস্ক নিপিন্ধাকৈ গ’ল ৰেষ্টুৰেণ্টত সোমাব নোৱাৰিব আপুনি।

  • Share this:
নতুন দিল্লীঃ কণটেইণ্টমেণ্ট জ’নৰ বাহিৰত ৰেষ্টুৰেণ্ট খোলাৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু ৰেষ্টুৰেণ্টত খাবলৈ গ’লে কি কি নিয়ম মানিব লাগিব সেই গাইডলাইন দিলে কেন্দ্ৰই। চাওক এতিয়াৰ পৰা ৰেষ্টুৰেণ্টত খাবলৈ গ’লে কি কি নিয়ম মানিব লাগিব আপুনি?

১.ছফুট বা তাতকৈ অধিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

২.‌ ফেচ কভাৰ তথা মাস্ক ব্যৱহাৰ বাধ্যতামূলক হ’ব।

৩. চাবোন বা হেণ্ড চেনিটাইজাৰেৰে হাত নিয়মীয়াকৈ ধুব লাগিব। যেতিয়াই সুযোগ পাই তেতিয়াই।

৪.‌ হাঁচি, কাঁহ মৰাৰ সময়ত টিচু, ৰুমাল বা অন্য কিহবাৰে মুখ ঢাকিব লাগিব। হাঁচি বা কাঁহৰ পিছত সেই টিচু যথাস্থানত পেলাব লাগিব। কঠোৰ ভাৱে মানিব লাগিব এই নিয়ম।

৫.‌ সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কোনো অসুস্থতা অনুভৱ কৰিলে জিলা স্বাস্থ্য বিভাগক খবৰ দিব লাগিব।

৬. থু পেলাব নোৱাৰিব।

৭. সকলোৱে আৰোগ্য সেতু এপ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰ বাহিৰেও আৰু বহুকেইটা নিৰ্দেশ ৰেষ্টুৰেণ্টসমূহক বান্ধি দিয়া হৈছে। কেৱল লক্ষণ নথকা কৰ্মীয়েহে কাম কৰিব পাৰিব। কোৰোণা সজাগতাক লৈ পোষ্টাৰ লগোৱা বা ভিডিও আদি চলাব লাগিব ৰেষ্টুৰেণ্টত। সকলোকে মন কৰি থকা লোক ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ যথেষ্ট সংখ্যক কৰ্মচাৰী নিয়োগ কৰিব লাগিব। লগতে ৰেষ্টুৰেণ্টত আগে থকাতকৈ ৫শতাংশ আসন কমাব লাগিব। অৰ্থাৎ সর্বোচ্চ ৫০ শতাংশ আসন এবাৰত থাকিব পাৰিব। মেনুকার্ড এবাৰ ব্যবহাৰৰ পিছত নষ্ট কৰি দিব পৰা হ’ব লাগিব। সকলো শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ তাপমাত্ৰা ২৪ৰ পৰা ৩০ ডিগ্রীৰ মাজত ৰাখিব লাগিব। মাজে মাজে চেনিটাইজ কৰিব লাগিব। ইয়াৰ বাহিৰেও অনেক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰই।

ইয়াৰ লগতে কেন্দ্ৰই কৈছে যদি হঠাৎ কোনো ৰেষ্টুৰেণ্টত অসুস্থ হৈ পৰে তেনেহ’লে তেওঁৰ কাৰণে এটা Sick Room থাকিব লাগিব। যেতিয়ালৈকে চিকিৎসকক নাচায় তেতিয়ালৈকে তেওঁক মাস্ক পিন্ধাই ৰখা হ’ব। এজন কোৰোণা আক্ৰান্তৰ সন্ধান পালে সম্পূৰ্ণ ৰেষ্টুৰেণ্ট চেনিটাইজ কৰাটো বাধ্যতামূলক।
First published: