• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণা ৰোগীৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীৰ মৃত্যু হ'লে চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য

কোৰোণা ৰোগীৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীৰ মৃত্যু হ'লে চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য

কোৰোণাত আক্ৰান্তৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীৰ মৃত্যু হলে চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য

কোৰোণাত আক্ৰান্তৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীৰ মৃত্যু হলে চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য

কোৰোণাত আক্ৰান্তৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীৰ মৃত্যু হলে চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আৰ্থিক সাহায্য

  • Share this:
সমগ্ৰ দেশতে কোৰোণা যোদ্ধা (Corona Warriors)ৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দিন ৰাতি একাকাৰ কৰি মানৱ সেৱাত নিয়োজিত হৈছে এইসকল যুদ্ধা। এতিয়া এইসকল কোৰোণা যোদ্ধাৰ কথা চিন্তা কৰিছে হাৰিয়ানা চৰকাৰে।

হাৰিয়ানা (Haryana)ৰ গৃহ আৰু স্বাস্থ্যমন্ত্ৰী অনিল ভিজে (Anil Vij) কৈছে যে, কোৰোণা যোদ্ধাসকলৰ ত্যাগৰ মূল্য পৰিশোধ কৰিব নোৱাৰি। কোৰোণা ৰোগীৰ চোৱাচিতা কৰোতে যদি কোনো চিকিৎসা কৰ্মীয়ে প্ৰাণ হেৰুৱাই তেন্তে তেওঁৰ বাবে ৫০ লাখ ঘোষণা কৰা হৈছে। আৰক্ষীসকলেও এই মহামাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু তেওঁলোকৰ বাবে ৩০ লাখ ঘোষণা কৰা হৈছে।

ইফালে হাৰিয়ানাৰ প্ৰতিখন গাঁৱতে কোভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা প্ৰতিঘৰ মানুহৰে কোভিড পৰীক্ষা কৰা হ'ব বুলিও জনায়।

আনহাতে কোৰোণাৰ ভেকচিন লোৱাৰ ক্ষেত্ৰতো প্ৰথম আৰু দ্বিতীয় ডোজৰ মাজত ব্যৱধান বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত ভিজে কয় যে, 'চৰকাৰে ইয়াৰ সময়সীমা বৃদ্ধি কৰিছে কিয়নো এইটো যিমান দীঘলীয়া সময়ত ল'ব, সিমানেই লাভজনক হ'ব।'
Published by:Himangshu Bhuyan
First published: